ASSAM TIMES POST
নলবাৰী : যোৱা ২১ এপ্ৰিল, ২০২০ তাৰিখে কোবাই যোৱা ধুমুহাৰ ফলত নলবাৰী জিলাৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি গৈছে । তেওঁলোকৰ বাবে হয়তো ঘৰ মেৰামতি কৰাৰ বাবে কিছুমান সামগ্ৰীৰ প্ৰয়োজন হ’ব , কিন্তু বৰ্তমানে কোভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ বাবে হাৰ্ডৱেৰ দোকানসমূহ বন্ধ আছে । এই সন্দৰ্ভত ২১ এপ্ৰিল তাৰিখে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাপ্ৰাপ্ত কমিটীৰ সভাৰ সিদ্ধান্তমৰ্মে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জিলাখনৰ ৩৭ খনকৈ হাৰ্ডৱেৰ দোকান খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে যাতে ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ঘৰ মেৰামতি কৰা সামগ্ৰী কিনিব পাৰে। এই হাৰ্ডৱেৰ দোকানসমূহ ২২ এপ্ৰিল তাৰিখৰ পৰা ২৫ এপ্ৰিল , ২০২০ তাৰিখলৈ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰা হৈছে।
অনুমতি প্ৰাপ্ত হাৰ্ডৱেৰ দোকানসমূহ হ’ল হাজো ৰোডৰ জয়শ্ৰী হাৰ্ডৱেৰ, এন টি ৰোডৰ শৰ্মা হাৰ্ডৱেৰ, নলবাৰী জৈন মন্দিৰৰ সমীপৱৰ্তী পাৰিখ হাৰ্ডৱেৰ, এন টি ৰোডৰ এইচ ডি এফ চি বেংকৰ সমীপৱৰ্তী তিৰুপতি হাৰ্ডৱেৰ, এন টি ৰোডৰ গৌৰী হাৰ্ডৱেৰ, বৰমা ৰোডৰ কালীয়া হাৰ্ডৱেৰ, পাইকাৰকুছি চ’কৰ কালীন্দ্ৰ ডেকা হাৰ্ডৱেৰ, বালামুগকুছি চ’কৰ মেচাৰ্চ আৰ বি হাৰ্ডৱেৰ , চান্দকুছি ঘিল্লা চ’কৰ মেচাৰ্চ মা চম্পা এন্টাৰপ্ৰাইজ , ক্ষুদ্ৰ শংকৰা মিলন বজাৰৰ মেচাৰ্চ হনুমান এন্টাৰপ্ৰাইজ, এন টি ৰোডৰ জে বি আই ব্ৰিক এণ্ড হাৰ্ডৱেৰ, এল এন বি ৰোডৰ বাজাজ হাৰ্ডৱেৰ, চামতাৰ মেচাৰ্চ মমী এন্টাৰপ্ৰাইজ, শোলমাৰা চ’কৰ সুভদ্ৰা হাৰ্ডৱেৰ, বনগাঁও চ’কৰ সূৰজ এন্টাৰপ্ৰাইজ, বৰনৰ্দ্দী চ’কৰ ডেকা হাৰ্ডৱেৰ এণ্ড ষ্টোৰ, পানীগাঁৱৰ মেচাৰ্চ মা দুৰ্গা এন্টাৰপ্ৰাইজ, টিহু টাউনৰ মনালিছা হাৰ্ডৱেৰ, টিহু টাউনৰ ডেকা হাৰ্ডৱেৰ, টিহু টাউনৰ হীৰালাল বিশ্বাস এণ্ড চনচ্, বানেকুছিৰ মা কামাখ্যা হাৰ্ডৱেৰ, কৈঠালকুছিৰ সাৱিত্ৰী এন্টাৰপ্ৰাইজ, জোৱাৰ্দ্দীৰ চানৰাইজ এন্টাৰপ্ৰাইজ, কৈঠালকুছিৰ বালিৰাম এন্টাৰপ্ৰাইজ, মুকালমুৱাৰ ডেকা এন্টাৰপ্ৰাইজ, কাপলাবড়িৰ মেচাৰ্চ আমিন হাৰ্ডৱেৰ এণ্ড এন্টাৰপ্ৰাইজ, খাতিকুছি চ’কৰ মেচাৰ্চ বৈশ্য এন্টাৰপ্ৰাইজ, ২নং সাগৰকুছিৰ এচ কে এন্টাৰপ্ৰাইজ, ঘগ্ৰাপাৰৰ ৰতন বৰ্মন এন্টাৰপ্ৰাইজ, ঘগ্ৰাপাৰৰ বৈশ্য এন্টাৰপ্ৰাইজ, ধমধমাৰ এম আৰ আই এন এন্টাৰপ্ৰাইজ, ডনাবড়ি চ’কৰ ৰাজ এন্টাৰপ্ৰাইজ, বৰখোলাৰ দাস এন্টাৰপ্ৰাইজ, কৰীয়া বিজুলিঘাটৰ মেধি এন্টাৰপ্ৰাইজ, কালাগ হাটখোলাৰ কলিতা এন্টাৰপ্ৰাইজ, আৰিকুছিৰ মা কামাখ্যা হাৰ্ডৱেৰ, কমাৰকুছিৰ বৰুৱা হাৰ্ডৱেৰ আৰু কৰীয়া বিজুলিঘাটৰ মেচাৰ্চ মৃণাল এন্টাৰপ্ৰাইজ ।
এই হাৰ্ডৱেৰ দোকানসমূহে সামাজিক দূৰত্বৰ নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব , দোকানৰ সন্মুখত চাবোন, পানী আৰু ছেনিটাইজাৰ ৰাখিব লাগিব, দোকানৰগৰাকীয়ে মাস্ক পিন্ধিব লাগিব আৰু দোকান খোলা সময়ত অতি কম সংখ্যক কৰ্মচাৰীৰে দোকান চলাব লাগিব ।