ASSAM TIMES POST
নিউজ ডেস্ক : কেন্দ্ৰই লকডাউনৰ সীমা বঢ়োৱাৰ সময়তেই কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ৰ ওচৰত মদৰ দোকান খোলাৰ অনুমতি বিচাৰিছিল পাঞ্জাবে। কিন্তু সেই আবেদন নাকচ কৰে গৃহ মন্ত্ৰালয়ে। স্পষ্টভাৱে জনাই দিয়ে, লকডাউনৰ মাজত দেশত ক’তো মদ বিক্ৰীৰ অনুমতি দিয়া নহ’ব। কিন্তু এই সিদ্ধান্তৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ যুক্তি কি? পোনপটীয়াকৈ প্ৰশ্ন কৰিলে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে।
তেওঁৰ প্ৰশ্ন, “কৰোনা ভাইৰাছ আৰু মদ বিক্ৰীৰ মাজত সম্পৰ্ক কি? কৰোনা ভাইৰাছ শ্লেষ্মাৰ মাধ্যমেৰে বিয়পি পৰে। আপুনি খোলা ঠাইত শাক-পাচলি বিক্ৰীৰ অনুমতি দিছে, কিন্তু ছিল কৰা বটলৰ মদ বিক্ৰী নিষিদ্ধ কৰাৰ আঁৰত যুক্তি কি? ই ৰাজ্যৰ ৰাজহৰ ক্ষতি কৰিছে।”