Zee Tv সম্প্ৰচাৰিত ধাৰাবাহিক “পবিত্ৰ ৰিষ্টা” একালৰ এখন জনপ্ৰিয় ধাৰাবাহিক। ধাৰাবাহিক খন উপভোগ নকৰাকৈ থকা লোক হয়টো বহু কমেই ওলাব; কিন্তু এই ধাৰাবাহিকখনে কন্দুৱাইছে এতিয়া একাংশক। “পৱিত্ৰ ৰিষ্টা” তেই পোন প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ ঘটনাক এতিয়াও সহজভাৱে ল’ব পৰা নাই বহুতে। তেওঁৰ মৃত্যুয়ে স্তব্ধতা সানিছে বহুতৰ মুখমণ্ডলত। উক্ত ধাৰাবাহিকখনত বহু দিনলৈ সুশান্তৰ সৈতে একেলগে কাম কৰা সহঃ অভিনেত্ৰী ও পূৰ্ব প্ৰেয়সী অংকিতা লোখণ্ডে শেষকৃত্যত সুশান্তৰ মুম্বাইৰ বাসগৃহত উপস্থিত হৈছিল। অংকিতা-সুশান্তৰ যুঁটিক পচন্দ নকৰা লোক হয়টো বহু কমেই ওলাব; সুশান্তৰ মৃত্যুৰ পিছত অংকিতাও যথেষ্ট আঘাত পোৱা দেখিবলৈ পোৱা গৈছে।
সুশান্তৰ বাসগৃহত উপস্থিত হোৱা সময়ত অংকিতাই যদিও মাস্ক পিন্ধি আছিল তৎস্বত্বেও তেওঁৰ চকু দুটাই ব্যক্ত কৰি গৈছিল সকলোবোৰ কথা। চকুত চকুলো নাছিল যদিও সেমেকি আছিল অভিনেত্ৰী গৰাকীৰ দুচকু। সুশান্তৰ মৃত্যুৰ পিছত অংকিতাই কোনো প্ৰতিক্ৰিয়া বৰ্তমানলৈ দিয়া নাই যদিও অভিনেত্ৰী গৰাকীৰ বান্ধৱী ও “পবিত্ৰ ৰিষ্টা” ত একেলগে অভিনীত প্ৰাৰ্থনা বেহৰে কয় যে, “তেওঁ এই খবৰটো শুনা মাত্ৰকে স্তব্ধ হৈ পৰিছিল আৰু বহুত কান্দিছিল।”