বিশেষ প্ৰতিবেদন:
১৬ হাজাৰ টকাৰ চাকৰিৰ বাবে ঘোচ দিবলৈ কৰিছিল অস্বীকাৰ, আজি কৃষিৰ জৰিয়তে উপার্জন কৰে লাখ টকা।কর্ণাটকৰ বেলাগবিৰ শিৰুৰ গাঁৱৰ বাসিন্দা সতীশ শিদাগৌদাৰে (৩৮) প্রতি বছৰে তেওঁৰ ডেৰ একৰ মাটিত ৫০ টনৰো বেছি কেৰেলা খেতি কৰে। তেওঁ সেই অঞ্চলত ‘কেৰেলাৰ বিশেষজ্ঞ’ হিচাবে পৰিচিত।
তেওঁ কয়, “২০০৮ চনত ডাবল ডিগ্রি বিএ আৰু বিএড অর্জন কৰাৰ পিছত মই এটি শিক্ষকৰ চাকৰিৰ সন্ধান আৰম্ভ কৰোঁ। অৱশেষত মই চাকৰিৰ সুযোগ পাওঁ। ১৬ হাজাৰ টকা মাহিলি বেতন আছিল কিন্তু মোক ১৬ লাখ টকা ঘোচ দিবলৈ কৈছিল। কিন্তু মই তাক প্রত্যাখ্যান কৰি পিতৃ তথা পৰিয়ালৰ সৈতে পথাৰত নামি পৰো, তেওঁলোকৰ হাতত হাত ধৰি কৃষিকৰ্ম আৰম্ভ কৰো।
সতীশে তেওঁৰ পিতৃৰ কৃষিকৰ্মৰ পুৰণি পদ্ধতিবোৰ গ্রহণ নকৰি পৃথক কিবা কৰাৰ কথা ভাবিছিল। তেওঁ উৎপাদন বৃদ্ধিৰ বাবে আৰু উপার্জনৰ বাবে কৃষি ক্ষেত্রৰ আধুনিক পদ্ধতিসমূহৰ চেষ্টা আৰম্ভ কৰে।সতীশে আৰু কয়, “আমাৰ পিতৃ নাগাপ্পা আৰু তেওঁৰ ভাতৃয়ে বিগত ৫০ বছৰ ধৰি বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি আহিছে।
কিন্তু তেওঁলোকে কেতিয়াও ইমান বেছি বেশি লাভ কৰা নাই। তেওঁলোকৰ ফলন আৰু গুণমান সদায় নিম্নমানৰ আছিল। কৃষি আৰম্ভ কৰাৰ পিছত, মই ভাল পানী ব্যবস্থাপনাৰ বাবে ড্রিপ জলসিঞ্চনৰ দৰে আধুনিক কৌশল গ্রহণ কৰিছোঁ আৰু গছসমূহত আর্দ্রতা বজায় ৰাখিবলৈ বিছনাত ৰোপণ কৰিছোঁ। মই অন্যান্য কৃষক আৰু কিতাপৰ পৰা কৃষিকৰ্মৰ পদ্ধতি শিকিছোঁ। বজাৰৰ চাহিদা সম্পর্কে তথ্যও সংগ্রহ কৰিছিলো। ”বজাৰত কেৰেলাৰ প্রচুৰ চাহিদা আছিল।
কিন্তু শিৰুৰত মাত্ৰ কেইজনমান কৃষকেহে এই কৃষি কৰিছিল। সাম্প্রতিক বছৰসমূহত লোকসকলে কেৰেলাৰ গুৰুত্ব বুজে। তেওঁলোকে এতিয়া জানে যে কেৰেলাই ক্ষতিকাৰক কোলেষ্টেৰল হ্রাস কৰে আৰু ডাযয়েবেটিছ নিয়ন্ত্রণ কৰে। তেওঁ প্রথমে মাত্র ১০ বিঘা মাটিত কেৰেলা ৰোপণ কৰিছিল।
এফালৰ পৰা চাবলৈ গ’লে এইটো আছিল এটা পৰীক্ষা।তেওঁ অন্যান্য ফচলৰ বাবে একে ধৰণৰ কৃষিক্ষেত্র গ্রহণ কৰিছিল যেনে ড্রিপ জলসিঞ্চন ব্যৱহাৰ আদি।তেওঁৰ মতে “এইটো ভাল কৰিলোঁ যে সেই সময়ত মই চাকৰিৰ বাবে ঘোচ নিদিলোঁ। এই কাৰণেই আজি মই কৃষিত সফল। কৃষিকৰ্ম আৰম্ভ কৰিবলৈ, মই খুব কমেও ১৫ লাখ টকা লগাইছিলো। কিন্তু মই আজি যি অর্জন কৰিছোঁ তাতকৈ বহু বেছি। তেওঁ বিশ্বাস কৰে যে কোনোৱে স্মার্ট কাম আৰু উৎসৰ্গিকৃত মনোভাৱেৰে কাম কৰিলে বিচৰা যিকোনো অর্জন কৰিব পাৰি। “