দৰিদ্ৰ হ্ৰাস পোৱাত বিশ্ব অভিলেখ গঢ়িছে ভাৰতে৷ কিন্তু সেই অভিলেখত মুঠেই স্বস্তি দিয়া নাই নৰেন্দ্ৰ মোডী চৰকাৰে৷ কাৰণ অক্সফৰ্ড আৰু ৰাষ্ট্ৰসংঘৰ যৌথ সমীক্ষাত কৈছে, ২০০৫ চনৰ পৰা ২০১৬ চনলৈকে অৰ্থাৎ ১১ বছৰৰ ভিতৰত ২৭ কোটি দৰিদ্ৰ মুক্ত হৈছে ৷ অৰ্থাৎ দৰিদ্ৰ সীমাৰ বাহিৰলৈ আহিছে এইসকল লোক৷ এই সময়চোৱাৰ মাজত ১০ বছৰ ক্ষমতাত আছিল ইউপিএ চৰকাৰ৷ ফলত এই সমীক্ষাকে হাথিয়াৰ কৰি কংগ্ৰেছে মোডী চৰকাৰক থকাসৰকা কৰিব সেয়া নিশ্চিত ৷
উল্লেখ্য যে প্ৰতি বছৰে দৰিদ্ৰ মানুহ বাচি থকাৰ সমসবোৰ পৰিমাপ কৰে গ্ল’বেল মালটিডাইমেনছনেল পভাৰ্টি ইনডেক্স বা এমপিআইৰ নিৰিখত ৷ সেই মাপকাঠিত ৭৫ খন দেশক অন্তৰ্ভুক্ত কৰা হয় ৷ পূৱ, মধ্য আৰু দক্ষিণ এছিয়া, ইউৰোপ, লেটিন আমেৰিকা, ছাব-ছাহাৰাণ আফ্ৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় একাধিক দেশক এই গৱেষণাৰ আওতাত লোৱা হয় ৷ এই গৱেষণাৰ মূল লক্ষ্য আছিল, বিশ্বজুৰি দৰিদ্ৰতাৰ হাৰ কিমান কমিছে তাক দৃষ্টি দিয়াৰ৷ অক্সফৰ্ড এণ্ড হিউমেন ডেভেলপমেণ্ট ইনিছিয়েটিভ আৰু ইউনাইটেড নেচনছ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ যৌথ গৱেষণাত বিস্তাৰিত তথ্য প্ৰকাশ পাইছে ৷ ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা ‘চাৰ্টিং মালটিডাইমেনছনেল পভাৰ্টি : এচিভিং দ্য এছডিজিছ শীৰ্ষৰ’ প্ৰতিবেদনত জনোৱা হৈছে, দৰিদ্ৰ কমি বিশ্ব অভিলেখ গঢ়িছে ভাৰতে ৷
গৱেষণাত দেখা গৈছে যে ভাৰত, আর্মেনিয়া, নিকাৰাগুৱা আৰু উত্তৰ মেছিডনিয়া- এই চাৰিখন দেশত ৫ৰ পৰা চাৰে দহ বছৰৰ ভিতৰত এমপিআই আধা বা তাৰ বেছি কমিছে ৷ ৫০ খন দেশৰ দৰিদ্ৰ সীমাত থকা মানুহৰ সংখ্যাও কমিছে৷ জানিব পৰা মতে ভাৰতত ২০০৫ চনৰ পৰা ২০১৬ চনৰ ভিতৰত অৰ্থাৎ ১১ বছৰত প্ৰায় ২৭ কোটি ৩৩ লাখ মানুহ দৰিদ্ৰ সীমাৰ বাহিৰত আহিছে৷ ২০০৫ চনৰ আগতে ভাৰতত ৫৫.১ শতাংশ মানুহ এমপিআই ভেলুৰ তলত বাস কৰিছিল ৷ ২০১৬ চনত সেই পৰিমাণ ২৭.৯ শতাংশ ৷
২০১৬ চনত ছিভিয়াৰ এমপিআই ভেলুৰ তলত বাস কৰা জনসংখ্যাৰ পৰিমাণ ৮.৮ শতাংশ৷ সাধাৰণতে পুষ্টিহীনতা, শিক্ষা, ইন্ধন, পৰিচ্ছন্নতা, পানী, বাসস্থান আৰু সম্পত্তি – এই বিষয়বোৰৰ ওপৰত ভিত্তি কৰি এমপিআই বা মালটিডাইমেনছনেল পভাৰ্টি ইনডেক্স তৈয়াৰ কৰা হয় ৷ ক’ভিড সংক্ৰমণৰ বাবে তেওঁলোকৰ গৱেষণা বন্ধ ৰখা হৈছে ৷ এই সংক্ৰমণৰ বাবে বিশ্বত দৰিদ্ৰতাৰ ছবি সলনি হৈ যাব বুলি লক্ষ্য কৰিছে গৱেষকসকলে ৷