ইয়াৰ উপৰিও তেওঁ প্ৰশ্ন কৰে যে, “অসমৰ সম্পদ সমূহক যেতিয়া “ৰাষ্ট্ৰীয়” বুলি সম্বোধন কৰো তেতিয়াহ’লে আমাৰ সমস্যাটো কিয় “ৰাষ্ট্ৰীয়” সমস্যাৰ আখ্যা দিব পৰা নাযায়?” ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক উদ্দেশ্যি অভিনেতা গৰাকীয়ে কয়ে, “আপোনালোক বৰ্তমান যি বাতৰি প্ৰচাৰ কৰি আছে সেয়া আচলতে প্ৰকৃত “সাংবাদিকতা” নহয়, যি আপোনালোকে দেখুৱাই আছে সেয়া আচলতে আপোনালোকৰ “ভিউজ” হে; “নিউজ” নহয়।” ইয়াৰ লগতে ৰবি শৰ্মাই কয় যে, “মই আগতে ভাৱিছিলো যে হয়টো মোক অসমৰ বাহিৰটো কিছু লোকে চিনি পায়, কিন্তু মই বহুত দুখেৰে ক’বলগীয়া হৈছে যে আচলতে অসমৰ বাহিৰৰ লোকে ভালদৰে অসমখনকেই চিনি নাপায়।” এনেদৰে কিছু প্ৰশ্নৰ উত্থাপন কৰি অভিনেতা গৰাকীয়ে এটি ৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ প্ৰস্তুত কৰে।
উল্লেখ্য যে, ৰবি শৰ্মা এনে এগৰাকী অভিনেতা যি গৰাকীয়ে সমাজৰ প্ৰায় প্ৰতিটো বিষয়তে সক্ৰিয়তাৰে থিয় হৈ মাত মাতে। জনসাধাৰণৰ অধিকাৰ অথবা তেওঁলোকৰ হৈ মাত মাতিবলৈ সদায় প্ৰস্তুত এই অভিনেতাগৰাকীয়ে নিজাববীয়াকৈ বিভিন্ন অসহায় লোকক পূৰ্বৰে পৰা সহায় আগবঢ়াই আহিছে।
SOURCE:http://rupaliparda.com/archives/18689