নিউজ ডেস্কঃ
ক’ৰনা আতংকৰ মাজতে জাতিৰ অস্তিত্ব ৰক্ষাৰ বিস্তৃত আলোচনা বাবে গুৱাহাটী শ্বহীদ ন্যাসত আছু কাৰ্যনিৰ্বাহক বৈঠক। সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য কাৰ্যালয়ত আছুৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হৈছে ৰুদ্ধদ্বাৰ বৈঠক।
উল্লেখ্য যে, জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজত আছুৰ নেতৃত্বত ৰাজনৈতিক দল গঠনৰ প্ৰসংগৰো বৈঠকত বিস্তৃত ভাৱে আলোচনা হ’ব। খবৰ অনুসৰি, আজি কাৰ্যনিৰ্বাহকত চূড়ান্ত সিদ্ধান্ত লোৱাৰো পূৰ্ণ সম্ভাৱনা আছে।তাপৰ্য্যপূৰ্ণ কথা এই যে ইতিমধ্যে ৰাজ্যজুৰি চৰ্চা চলিছে আছুৰ নেতৃত্বত ৰাজনৈতিক দল গঠন কৰা প্ৰসংগ।
আনহাতে বৈঠকত স্থান পাব নতুন শিক্ষা নীতি-২০২০, ইআইএ- ২০২০, কা’ আন্দোলনৰ প্ৰসংগ, বানপানী-গৰাখহনীয়াকে ধৰি ৰাজ্যখনৰ জলন্ত সমস্যা সমূহ।এই কথা উল্লেখ কৰিলে আছু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে।
ক’ৰোনা সংকটৰ পিছত অসমৰ সমাজ জীৱনলৈ অহা জাতীয় বিষয়সমূহ বৈঠকত আলোচনা হ’ব বুলিও তেওঁ মন্তব্য কৰে।
ক’ৰনা আতংকৰ মাজতে সম্পূৰ্ণ সামাজিক দূৰত্ব লগতে স্বাস্থ্য বিধি মানি চলি বৈঠক অনুষ্ঠিত কৰা বুলি উল্লেখ কৰি মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে “ছাত্ৰৰ-ছাত্ৰী শিক্ষা বিষয়ৰ ওপৰতে মূলত আলোচনা কৰা লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থ বিৰোধী ই আই এ-২০২০ সন্দৰ্ভত হ’ব বিস্তৃত আলোচনা।
কেন্দ্ৰীয় নতুন শিক্ষানীতি সন্দৰ্ভত মত প্ৰকাশ কৰি ভট্টাচাৰ্য কয় যও- আন্তঃগাঁথনি অবিহনে কেন্দ্ৰীয় শিক্ষানীতি অসাৰ হ’ব।