নিউজ ডেস্কঃ
দেশত বৰ্তি থকা আনলক ৩.০ ৰ সমান্তৰালকৈ অসমত ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ পৰা নাই। বৰ্তমানেও গুৱাহাটী মহানগৰীত জনসাধাৰণে মানিবলগীয়া হৈছে বাধ্য-বাধকতা। আজি আকৌ অসমত ক’ৰোণাত আক্ৰান্ত হৈছে মুঠ ২৩৭১ জন লোক। ইয়াৰে কামৰূপ (মেট্ৰো) ৪১৪ গৰাকী, ডিব্ৰুগড়ৰ ২৮২ জন, নগাঁওৰ ২৫১ জন আৰু কামৰূপ (গ্ৰাম) ৰ পৰা মুঠ ১৯২ গৰাকী আক্ৰান্ত হৈছে ক’ৰোণাত। ৪১ হাজাৰ ৯৫৮ টা পৰীক্ষাৰ অন্তত ইয়াত ক’ৰোণাত আক্ৰান্তৰ হাৰ হৈছে ৫.৬৫ শতাংশ।
📌Alert ~ 2371 new #COVID19 cases detected out of 41958 tests conducted in last 24 hrs.
Positivity rate~ 5.65%
Max case~
Kamrup (M): 414, Dibrugarh- 282, Nagaon- 251, Kamrup (R)- 192↗️Total cases 45275
↗️Recovered 32384
↗️Active cases 12779
↗️Deaths 10910:00 PM, Aug 03 pic.twitter.com/TbVrIoAZBq
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 3, 2020
টুইটযোগে এই কথা ব্যক্ত কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। বৰ্তমান ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ১২ হাজাৰ ৭৭৯ গৰাকী।