নিউজ ডেস্কঃ
দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যাই ১৯ লাখ অতিক্ৰম কৰিলে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত ৫২ হাজাৰ ৫০৯ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। এই বৃদ্ধিৰ ফলত ভাৰতত মুঠ কৰোনা আক্রান্ত হ’ল ১৯ লাখ ৮ হাজাৰ ২৫৪ জন। আনহাতে, দ্বিতীয় স্থানত থকা ব্রাজিলত মুঠ আক্রান্ত ২৮ লাখ আৰু প্রথম স্থানত থকা আমেৰিকাত ৪৭ লাখ ৭০ হাজাৰ।
ইফালে বিগত ২৪ ঘণ্টাত দেশত সংক্রমণৰ হাৰ ৮.৪৭ শতাংশ। এই সময়ছোৱাত দেশ কৰোনা পৰীক্ষা হৈছে ৬ লক্ষ ১৯ হাজাৰ ৬৫২ জনৰ।আক্রান্তৰ সংখ্যা বাঢ়িলেও, ভাৰতত কৰোনা ৰোগীৰ সুস্থতাৰ পৰিসংখ্যাও যথেষ্ট স্বস্তিদায়ক। এই পর্যন্ত মুঠ ১২ লক্ষ ৮২ হাজাৰ ২১৫ জন কৰোনা আক্রান্ত সুস্থ হৈ উঠিছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ প্রায় ৬৭ শতাংশই সুস্থ হৈ উঠিছে। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ৫১ হাজাৰ ৭০৬ জন।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত কৰোনাৰ বাবে মৃত্যু হৈছে ৮৫৭ জনৰ।
ইয়াকে লৈ দেশত মুঠ ৩৯ হাজাৰ ৭৯৫ জনৰ প্রাণ কাঢ়িলে কৰোনা ভাইৰাছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে ১৬ হাজাৰ ১৪২ জন। দিল্লীক চেৰ পেলাই মৃত্যু তালিকাৰ দ্বিতীয় স্থানলৈ উঠিছে তামিলনাডু। দক্ষিণৰ এই ৰাজ্যখনত মুঠ ৪ হাজাৰ ৩৪৯ জনৰ মৃত্যু হৈছে। ৰাজধানী দিল্লীত এই সংখ্যা ৪ হাজাৰ ৩৩ জন।