নিউজ ডেস্কঃ
দীর্ঘ প্রতীক্ষাৰ অৱসান। অযোধ্যাত আৰম্ভ হৈছে ৰাম মন্দিৰৰ ভূমিপূজা। ইয়াৰ পিছত মন্দিৰৰ শিলান্যাস কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ইয়াৰ বাবে প্ৰস্তুত আছে ৪০ কেজি ওজনৰ ৰূপৰ ইটা। শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাস্টৰ অধ্যক্ষ মহন্ত নৃত্যগোপাল দাসে দান কৰিছে এই ইটা। তাৰে শিলান্যাস কৰিব প্রধানমন্ত্রীয়ে।
কাৰ্যসূচীৰ সাৰাংশ
• পুৱা ১১ বজাত অযোধ্যাত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী, স্বাগতম জনায় যোগী আদিত্য নাথে
• ৰাম জন্মভূমিত উপস্থিত বাবা ৰামদেৱ,স্বামী অওদেশানন্দ গিৰি, চিদানন্দ মহাৰাজ
• উপস্থিত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, ৰাজ্যপাল আনন্দীবেন পটেল আৰু উমা ভাৰতী
• মন্দিৰৰ ভূমিপূজা কৰিছে মোদীৰ নির্বাচনী সমষ্টি বাৰাণসীৰ পৰা অহা পুৰোহিতে
• অনুষ্ঠানৰ মঞ্চত উপস্থিত আৰএছএছ প্রধান মোহন ভাগৱত, উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দী বেন পটেল
• ৯ নৱেম্বৰ, ২০১৯ত দীর্ঘকাল ধৰি বিতর্কিত এই ভূমিত ৰাম মন্দিৰ নির্মাণৰ সপক্ষে ৰায় দিছিল ছুপ্রিম কোর্টে
• পৰৱর্তী সময়ত ছুপ্রিম কোর্টৰ নির্দেশত ৰাম মন্দিৰ নির্মাণৰ বাবে গঠিত হয় এটি ট্রাস্ট
• ট্রাস্টৰ তত্ত্বাৱধানতেই চলিব তিনি মহলীয়া মন্দিৰ নির্মাণৰ কাম, সময় লাগিব চাৰে তিনি বছৰ
• মন্দিৰ নিৰ্মাণত খৰচ হ’ব প্রায় ৩০০ কোটি টকা, ৰাম-লক্ষ্মণ-সীতাৰ মূর্তিৰ খৰচ পৃথক
• মন্দিৰ এলেকাৰ অন্যান্য নির্মাণ বা উন্নয়ন কামত আৰু হাজাৰ কোটিমান খৰচ হ’ব।