নিউজ ডেস্কঃ
সংবিধানৰ ৩০৭ ধাৰা তথা জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিলৰ বৰ্ষপূৰ্তিৰ দিনাই হঠাৎ পদত্যাগ কৰিলে ৰাজ্যখনৰ উপৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল জি চি মুৰ্মুৰে৷ বুধবাৰে ৰাতি তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰত নিজৰ ইস্তফা পঠালে৷ লেফটেনেণ্ট জেনেৰেল জি চি মুৰ্মুৰৰ ঠাইত ভূস্বৰ্গৰ পৰৱৰ্তী উপৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাক৷
বৃহস্পতিবাৰে পুৱা এক বিজ্ঞপ্তিত এই কথা ৰাষ্ট্ৰপতি ভৱনৰ পৰা জনায়৷ উল্লেখ্য যে মুৰ্মুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ৷ তেওঁৰ পদত্যাগত ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আনহাতে কাশ্মীৰৰ নতুন উপৰাজ্যপাল মনোজ সিনহা তিনিবাৰকৈ বিজেপিৰ সাংসদ আছিল৷ তেওঁ যোৱাবাৰ বিএছপি প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল৷