নিউজ ডেস্কঃ
জম্মু আৰু কাশ্মীৰৰ কুলগাম জিলাত বৃহস্পতিবাৰে পুৱা এজন বিজেপি নেতা উগ্ৰপন্থীৰ গুলীত নিহত হয়৷ মৃত বিজেপি নেতাজন গাঁওবুঢ়া আছিল৷ শ্ৰীনগৰৰ পৰা ৭০ কিলোমিটাৰ নিলগৰ কুলগামত ছাজাদ আহমেদ নামৰ বিজেপি নেতাজনক উগ্ৰপন্থীয়ে গুলীয়াই নিহত কৰে৷ তেওঁ কুলগাম বিজেপিৰ উপ সভাপতি আছিল৷ উল্লেখ্য যে চলিত সপ্তাহত বিজেপিৰ ওপৰত কৰা আক্ৰমণৰ চতুৰ্থ ঘটনা৷
আনহাতে ৰাজ্যখনৰ বান্দীপুৰে জিলাত যোৱা মাহত বিজেপিৰ শ্বিখ ৱাছীম বাৰী, তেওঁৰ পিতৃ আৰু ভাতৃক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল৷ এই নেতাজন জিলা বিজেপিৰ সভাপতি আছিল৷ আনহাতে জুন মাহত কংগ্ৰেছ নেতা গাঁওবুঢ়া অজয় ভাৰ্টিক উগ্ৰপন্থীয়ে আক্ৰমণ কৰি হত্যা কৰিছিল৷