নিউজ ডেস্কঃ
নগাৰ বিদ্ৰোহী গোটৰ সৈতে চুক্তি সাক্ষৰৰ কোঁচকাৱাজ। অতি সোনকালেই চুক্তিত স্বাক্ষৰ হোৱাটো বিচাৰিছে ভাৰত চৰকাৰে অৰ্থাৎ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত প্ৰসংগটোক কেন্দ্ৰ কৰিয়েই বিগত দিনৰ পৰা দিল্লীত স্থিতি লাভ কৰা মুইভাক সংগ দিবলৈ ৰাওনা হৈছে পোন্ধৰজনীয়া দলক লৈ NSCN IM ৰ অধ্যক্ষ কিউ টুছু। কিন্তু এতিয়া নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰীৰ আৰ এন ৰবিৰ অবিহনেই NSCN IM য়ে আলোচনা চলাই নিয়াৰ উপৰিও NSCN IM ৰ সাধাৰণ সম্পাদকে দিল্লীত বাহৰ পাতি থকা মুইভাইয়ে ইন্টেলিজেঞ্চ ব্যুৰৰ দুই অতিৰিক্ত সঞ্চালকৰ লগত আলোচনাত মিলিত হৈছে। জানিব পৰা মতে, এই চেপ্তেম্বৰ মাহতে চুক্তিৰ পোষকতা নৰেন্দ্ৰ মোদীয়ে কৰিছে যদিও NSCN IM য়ে চুক্তিৰ পূৰ্বে সকলো বিষয়ত সহমত প্ৰদান কৰাটো বিচাৰিছে। মুঠতে, এওঁলোকক লাগে এখন পৃথক পতাকা আৰু এখন পৃথক সংবিধান।
উক্ত পৃথক দুইটা বস্তু নোপোৱালৈ নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে বিচৰা নাই চুক্তি। ইয়াৰ বিপৰীতে সাতটা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ NNPGs সাজু চুক্তিৰ বাবে৷ NNPGs–এ পৃথক পতাকা তথা সংবিধান অবিহনেই ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত চুক্তিৰ বাবে সাজু হৈছে৷ আনহাতে, মুইভা নেতৃত্বাধীন NSCN IMক চুক্তিৰ বাবে সৈমান কৰোৱাৰ বাবে সকলো ধৰণৰ কূট-কৌশল অব্যাহত ৰাখিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।এইক্ষেত্ৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ আৰু অসমৰ বিত্তমন্ত্ৰী তথা NEDAৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাকো গৃহমন্ত্ৰী অমিত শ্বাহে দিছে কেতবোৰ দায়িত্ব৷ অৱশ্যে কোৰোণাত আক্ৰান্ত হৈ অমিত শ্বাহ সম্প্ৰতি চিকিৎসাধীন হৈ থকাত বিষয়টোৰ অগ্ৰগতি কিমান হৈছে সেয়া অস্পষ্ট৷ কিন্তু প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পোনপটীয়াকৈ আলোচনাৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি আছে আৰু চলিত মাহতেই চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৷