নিউজ ডেস্কঃ
নগাঁৱৰ জুৰীয়াত সংঘটিত শোকাৱহ দূৰ্ঘটনা। লাওঁখোৱা অভয়াৰণ্যৰ পৰা খাদ্য বিচাৰি আহি থকা অৱস্থাত ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হাতীটোৰ। ৭ জনীয়া হাতীৰ দল এটা ওলাই আহিছিল অভয়াৰণ্যৰ পৰা।
উল্লেখ্য যে, নগাঁও জিলাৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি সমুখলৈ আহিছে; দীৰ্ঘদিন ধৰি মেৰামতি নকৰোৱাৰ অভিযোগ বৰ্তমান বিভাগটোৰ ওপৰত।