নিউজ ডেস্কঃ
মধ্যপ্রদেশত বজ্র পৰি এটা পৰিয়ালৰ তিনিগৰাকী সদস্যসহ সাতজন লোক নিহত হয়৷ ৰাজ্যখনৰ ৰাজধানী ভূপালৰ পৰা ২৬৪ কিলোমিটাৰ পূ্ৱে অৱস্থিত দামোহ জিলাত এই ঘটনা সংঘটিত হয়৷
জানিব পৰা মতে মঙলবাৰে সন্ধিয়াৰ পৰা মধ্যপ্ৰদেশৰ বুন্দেলখণ্ড অঞ্চলত প্ৰৱল বৰষুণ আৰম্ভ হয়৷ তাৰ লগতে বজ্রপাতৰ ফলত দামোহ জিলাৰ তেজগড় আৰক্ষী থানাৰ অন্তৰ্গত ছোটি লামটি গাঁৱৰ এটা পৰিয়ালৰ তিনিগৰাকী সদস্যসহ সাতজনৰ মৃত্যু হয়৷ মৃত লোকসকল হ’ল লক্ষ্ণণ যাদব (৩৫), তেওঁৰ পত্নী সাবিত্রী বাই (৩২), পুত্ৰ নৰেন্দ্ৰ (৭), ঝালাম আদিবাসী (৩১) আৰু প্রেম বাই (৫০)।
আৰক্ষীয়ে জনোৱা মতে এই লোকসকলে আন প্ৰতিৱেশীৰ সৈতে খেতিপথাৰত কাম কৰি আছিল৷ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আনহাত এই বজ্ৰপাতত মৃত লক্ষ্ণণ যাদবৰ ১২ বছৰীয়া এটি পুত্ৰ আহত হয়৷