নিউজ ডেস্কঃ
পঞ্জাবৰ পাঠানকোটত দুষ্কৃতিকাৰীৰ আক্রমণত প্রাণ হেৰুৱাইছিল সুৰেশ ৰাইনাৰ খুড়াকে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় খুড়ীয়েক। ভাতৃ-ভগ্নীও হৈছিল আহত। দেশৰ প্রাক্তন ক্ৰিকেট তাৰকা সুৰেশ ৰাইনাৰ আত্মীয়সকলৰ ওপৰত প্রাণঘাতী আক্ৰমণ চলাইছিল যোৱা মাহত। সেই নৃশংস কাণ্ড ঘটোৱা দুষ্কৃতিকাৰী দলৰ তিনিজনক গ্রেপ্তাৰ কৰে পঞ্জাব আৰক্ষীয়ে। পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে চৰকাৰীভাবে জনাইছে, যিসকল এই নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত, তেওঁলোকক চিনাক্ত কৰা হৈছে।
পঞ্জাব আৰক্ষীৰ ডিজিপি দিনকাৰ গুপ্তাই জনোৱা মতে, অভিযুক্তসকল আন্তঃৰাজ্যিক দুষ্কৃতিকাৰী দলৰ সদস্য। এই দলৰ আৰু ১১ জন পলাই আছে।
তেওঁলোককো ধৰাৰ চেষ্টা চলাই আছে পঞ্জাব আৰক্ষীয়ে।
উল্লেখ্য যে যোৱা ১৯ আগষ্টৰ মাজনিশা পাঠানকোটৰ থাৰিয়াল গাঁৱত ৰাইনাৰ খুড়াকৰ পৰিয়ালৰ ওপৰত আক্রমণৰ ঘটনা ঘটে। ডকাইতিৰ উদ্দেশে আক্রমণ কৰিছিল দুষ্কৃতিকাৰীয়ে।
সেই সময়ত ঘৰৰ ছাদত শুই আছিল পৰিয়ালৰ সদস্যসকল। মূৰত আঘাতৰ কাৰণে মৃত্যু হয় ৰাইনাৰ খুড়াক অশোক কুমাৰৰ। ৰাইনাৰ খুড়া-ভাতৃ, ৩২ বছৰীয়া কৌশল কুমাৰ আৰু ২৪ বছৰীয়া আপিন কুমাৰেও আঘাত পায়। পাৰাবাৰিক বিপর্যয়ৰ এই খবৰ লাভ কৰি তুৰন্তে আৰবৰ পৰা চিএছকে শিবিৰ এৰি দেশলৈ ঘূৰি আহে ৰাইনা। এইবাৰৰ আইপিএলত তেওঁক আৰু খেলা দেখা পোৱা নাযাব।