নিউজ ডেস্কঃ
নতুন সংসদ ভৱন নিৰ্বানৰ ঠিকা লাভ কৰিলে টাটা গোষ্ঠীয়ে। ৮৬১.৯০ কোটি টকা সর্বনিম্ন নিবিদাত এই আবণ্টন লাভ কৰিছে ‘টাটা প্রজেক্টছ’-এ।
কেন্দ্রীয় আবাসন আৰু নগৰোন্নয়ন মন্ত্রালয়ৰ অধীনত চেণ্ট্ৰেল পাব্লিক ৱর্কছ ডিপার্টমেন্ট (চিপিডব্লিউডি)-এ বুধবাৰে নিবিদা খোলে। ২১ মাহৰ ভিতৰত নতুন সংসদ ভৱন নিৰ্মাণৰ কাম শেষ কৰিব লাগিব।
আবাসন আৰু নগৰোন্নয়ন মন্ত্রালয়ৰ সূত্রত পূৰ্বেই জনা গৈছিল, প্রাথমিক নিৰ্বাচনৰ পিছত মুঠ সাতটা কোম্পানী চূড়ান্ত নিবিদাৰ বাবে নির্ধাৰিত হৈছিল। টাটা প্রজেক্টছৰ উপৰি তালিকাত আছিল লাৰ্ছেন এণ্ড টুব্রো, আইটিডি চিমেন্টেচন ইণ্ডিয়া লিমিটেড, এনচিচি লিমিটেড, ছাপুৰজি-পালনজি, উত্তৰ প্রদেশ ৰাজকীয় নির্মাণ নিগম আৰু পিএছপি প্রজেক্টছৰ দৰে কোম্পানী। ইয়াৰ ভিতৰত সকলোতকৈ কম নিবিদা প্ৰদান কৰাত ঠিকা লাভ কৰে টাটা গোষ্ঠীয়ে। টাটাৰ পিছতেই লাৰ্ছেন এণ্ড টুব্রোই দিছিল ৮৬৫ কোটি টকাৰ নিবিদা।
উল্লেখ্য যে, বর্তমানৰ সংসদ ভৱনটো ইংৰাজৰ শাসনকালতে নিৰ্মাণ হৈছিল। বৰ্তমানৰ বৃত্তাকাৰ ভৱনৰ কাষতে ১১৮ নম্বৰ পার্লিয়ামেন্ট হাউছ ইষ্টেটত নতুন ভৱনটো নিৰ্মাণ হ’ব ত্রিভূজাকৃতিত।
চেণ্ট্ৰেল ভিস্টা ৰিডেভলপমেন্ট প্রজেক্টৰ অধীনত সংসদ ভৱনসহ ৰাষ্ট্রপতি ভৱন, নর্থ আৰু ছাউথ ব্লক, ইণ্ডিয়া গে’ট, নেচনেল আর্কাইভসহ দিল্লীৰ পুৰণি ভৱনবোৰ নতুনকৈ নির্মাণ আৰু সংস্কাৰৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় আবাসন আৰু নগৰোন্নয়ন মন্ত্রালয়ে। তাৰ ভিতৰত সংসদ ভৱনৰ চৰকাৰী খৰচ ধৰা হৈছিল ৮৮৯ কোটি টকা।