অজন্তা তালুকদাৰ,
বোকাখাতঃ
বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাপে বিপুল দাসে আজি আনুষ্ঠানিকভাবে কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল দাসে।
কাৰ্যভাৰ গ্ৰহণ কৰি নৱনিযুক্ত মহকুমাধিপতি গৰাকীয়ে কাৰ্য্যালয়ৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰ সৈতে পৰিচয় হোৱাৰ লগতে প্ৰশাসনৰ বিভিন্ন কাম-কাজ আৰু বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।