নিউজ ডেস্কঃ
কাইলৈ অৰ্থাৎ ১৮ ছেপ্টেম্বৰৰ পৰা ষ্টেট বেংক অব ইণ্ডিয়াৰ গ্রাহকসকলে এটিএমৰ পৰা টকা উলিওৱাৰ ক্ষেত্রত নতুন নিয়ম মানিব লাগিব। ১০ হাজাৰ টকা বা ততোধিক ধন উলিয়াবলৈ হ’লে সমগ্ৰ দিনটোৱেই অৱশ্যেই লগত ৰাখিব লাগিব বেঙ্ক একাউন্টৰ সৈতে যুক্ত মোবাইল ফোন।
কাৰণ, মোবাইলত অহা অ’টিপিৰেই টকা উলিয়াব লাগিব। এতিয়া পুৱা ৮টাৰ পৰা নিশা ৮ বজালৈ ডেবিট কার্ডৰ পিনৰ উপৰি মোবাইলত বেঙ্কে পঠোৱা অ’টিপি দিব লাগে ১০ হাজাৰ বা তাতকৈ বেছি অঙ্কৰ টকা উলিয়াবলৈ। শুক্রবাৰৰ পৰা ২৪ ঘণ্টাই এই নিয়মত টকা উলিয়াব লাগিব।
দিনে দিনে এটিএম জালিয়াতি বৃদ্ধি পাই থকাত এই বছৰৰ আৰম্ভণিতেই পদক্ষেপ গ্ৰহণ কৰে দেশৰ বৃহত্তম বেঙ্ক এছবিআইয়ে।
https://twitter.com/TheOfficialSBI/status/1305861930893148164/photo/1?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1305861930893148164%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fbusiness%2Fsbi-to-change-atm-cash-withdrawal-rules-from-september-18-dgtl-1.1204101
১ জানুৱাৰীৰ পৰা বেছি অঙ্কৰ টকা উলিওৱাৰ ক্ষেত্রত অ’টিপি পদ্ধতি ব্যৱহাৰ হয়। কিন্তু ইমান দিনে এই সেৱা ২৪ ঘণ্টা লাভ কৰা নাছিল। এইবাৰ নিশাও যাতে কোনোৱে এটিএম জালিয়াতি কৰিব নোৱাৰে তাৰ বাবে গ্রাহকসকলৰ সুৰক্ষা বৃদ্ধিৰ সিদ্ধান্ত লয় বেঙ্ক কৰ্তৃপক্ষই।
গ্রাহকসকলে মনত ৰাখিব লাগিব যে এটা অ’টিপি ব্যৱহাৰ কৰি এবাৰেই টকা উলিয়াব পাৰিব। প্রতিবাৰৰ বাবে পৃথক পৃথক অ’টিপি পঠাব বেঙ্কে। এটিএম স্ক্রিনত টকাৰ পৰিমাণ লিখাৰ পিছতেই অ’টিপি বিচাৰিব। ৰেজিস্টার্ড মোবাইল নম্বৰত অহা মেছেজত লিখা অ’টিপি দিলেই টকা বাহিৰ হ’ব।
কিন্তু এছবিআইৰ বাহিৰে অন্য বেঙ্কৰ এটিএমৰ পৰা টকা উলিওৱাৰ ক্ষেত্রত এই সুবিধা নাপাব। কাৰণ, এতিয়াও এই পদ্ধতি নেচনেল ফিনান্সিয়েল ছুইচ (এনএফএছ) ব্যৱস্থাৰ সৈতে যুক্ত হোৱা নাই। এনএফএছৰ মাধ্যমতেই সকলো বেঙ্কৰ টকা সকলো বেঙ্কৰ এটিএমৰ পৰা উলিওৱা যায়।