নিউজ ডেস্কঃ
ৰাজ্যত বৃদ্ধি পাইছে কৰোণাতংক; সমান্তৰালকৈ বাঢ়িছে মৃত্যুৰ হাৰ। মৃত্যুক আঁকোৱালি অধিকাংশ লোকেই হৈছে হোম আইছো’লেছনত থকা। গতিকে হোম আইছো’লেছনে বৰ্তমান ভয়ংকৰ ধাৰণ কৰাৰ ফলতেই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে জাৰি কৰিছে বিশেষ গাইড লাইন। বাসগৃহত পৃথককৈ থকা প্ৰতিজন লোকে তলত দিয়া নীতি-নিৰ্দেশনা সমূহ মানিব লাগিব। আনহাতে ৰোগীক চোৱা চিতা কৰা সকলেও মানিব লাগিব কেতবোৰ নিয়ম। নিয়ম সমূহ হৈছে
১. প্ৰত্যেকটো সময়ত ত্ৰিপল লেয়াৰ মাস্ক পৰিধান কৰিব লাগিব।
২.সম্পূৰ্ণ পৃথককৈ থকা ৰূমত থাকিব লাগিব
৩. অন্য লোকৰ পৰা বিশেষকৈ ৰোগাক্ৰান্ত লোক আৰু শিশুৰ আঁতৰি থাকিব লাগিব।
৪.চিকিত্সক আৰু স্বাস্থ্যকৰ্মীৰ নিৰ্দেশ কঠোৰ ভাবে মানিব লাগিব।
৫.নিজৰ স্বাস্থ্য নিৰীক্ষণ কৰিব লাগিব। যদি লক্ষণ থাকে, তেন্তে চিকিত্সকক লগে লগে অৱগত কৰিব লাগিব।
আনহাতে, ৰোগীক চোৱা-চিতা কৰা সকলৰ বাবে-
১. ৰোগীৰ সৈতে একেটা ৰুমত থকাৰ সময়ত ত্ৰিপ’ল মাস্ক পৰিধান কৰিব লাগিব।
২.ৰোগীক ৰুমতে খাদ্যৰ যোগান ধৰিব লাগিব।
৩.ৰোগীক চোৱা-চিতা কৰাৰ পিছত চোবেনেৰে ভালকৈ হাত ধুব লাগিব।
৪.ৰোগীক স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগিব।
৫. যিখিনি পৰীক্ষা অথবা চিকিৎসাৰ নিয়ম দিয়া হৈছে, সেই খিনি মানিছেনে নাই, সেয়া ভালদৰে লক্ষ্য কৰিব লাগিব।