নিউজ ডেস্কঃ
এতিয়াৰে পৰা আৰু পেটিএম এপ ডাউনলোড কৰিব নোৱাৰিব গুগল প্লে’ ষ্টোৰৰ পৰা। একে সময়তে পেটিএম ফাৰ্ষ্ট গেম ফেন্টাচী এপটিও প্লে’ ষ্টোৰৰ পৰা আঁতৰাই দিলে গুগলে।
অৱশ্যে এতিয়াও পেটিএম ফৰ বিজনেছ, পেটিএম মল, পেটিএম মানিসহ কোম্পানীটোৰ আৰু কিছু এপ গুগল প্লে’ ষ্টোৰত আছে। পেটিএমৰ পক্ষত জানোৱা হৈছে, সাময়িকভাবে গুগল প্লে’ ষ্টোৰৰ পৰা তেওঁলোকৰ এপ ডাউনলোড বা আপডেট কৰিব নোৱাৰিব। অৱশ্যে খুব শীঘ্রেই সকলো স্বাভাৱিক হৈ যাব বুলি দাবী পেটিএমৰ।
গুগল প্লে’ ষ্টোৰৰ পৰা এতিয়া পেটিএম এপ ডাউনলোড কৰিবলৈ গ’লে ‘এৰৰ’ দেখায়। এই মুহূর্তত ছার্ভাৰত এই ইউআৰএল পোৱা নাই বুলি দেখুৱায়।
ইয়াৰ অর্থ— এনড্রয়ড ব্যৱহাৰকাৰীসকলে এতিয়া পেটিএম এপ ডাউনলোড কৰিব নোৱাৰিব। অৱশ্যে যিসকলৰ মোবাইল ফোনত ইতিমধ্যেই এপটি ডাউনলোড কৰা আছে, তেওঁলোকে সেইটো ব্যৱহাৰ কৰিব পাৰিব। এপৰ যাৱতীয় সেৱাও পোৱা যাব। উল্লেখ্য, এই প্রথমবাৰ ডিজিটেল পেমেন্ট এপ পেটিএমক প্লে’ ষ্টোৰৰ পৰা আঁতৰালে গুগলে।
উল্লেখ্য যে ধনৰ লেনদেনৰ এই এপ ভাৰতত খুবেই জনপ্রিয়। ব্যৱহাৰকাৰীৰ সংখ্যা প্রায় ৫ কোটি। অৱশ্যে পেটিএমে জনাইছে, গ্রাহকসকলৰ ৱালেটত যি ধন আছে সেয়া সম্পূর্ণভাবে সুৰক্ষিত। বর্তমান ব্যৱহাৰকাৰীসকলে এপটি এতিয়া স্বাভাৱিকভাবেই ব্যৱহাৰ কৰিব পাৰিব।