গুৱাহাটীঃ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজিত হৈ থকা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ৰাজ্যিক বিজেপিৰ উদ্যোগত “সেৱা হি সংগঠন” শীৰ্ষক ই-বুকখনি ভাৰ্চুৱেলভাৱে উন্মোচন কৰে চট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰমণ সিঙে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত সভাত আৰম্ভণী ভাষণ প্ৰদান কৰি ই-বুকৰ ৰাজ্যিক তত্বাৱধায়ক বিজয় কুমাৰ গুপ্তাই উন্মোচন হোৱা ই-বুকখনৰ বিষয়ে চমু বৰ্ণনা কৰাৰ লগতে “সেৱা হি সংগঠন” ই-বুক নিৰ্মাণৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।
ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে সভাত কয় যে, প্ৰধানমন্ত্ৰীৰ মাৰ্গ দৰ্শনৰ আধাৰত কৰোণা সংকটৰ সময়ত ভাৰতীয় জনতা পাৰ্টি দলে কৰা কামকাজসমূহ সন্নিবিষ্ট থাকিব এই ই-বুকুত। আৰু আজি আমি গৌৰৱ কৰো যে, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমে ৱেবছাইটযোগে প্ৰথমখন ই-বুক মুকলি কৰিবলৈ সক্ষম হৈছে।
সভাত ভাষণ প্ৰদান কৰি ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম ভাৰতবৰ্ষৰ বিজেপি শাসিত চৰকাৰৰসমূহৰ এখন, যিয়ে কৰোনাৰ সময়ত সৃষ্টি হোৱা তীব্ৰ আৰ্থিক সংকটৰ মাজতো চৰকাৰী কৰ্মচাৰীৰ দৰমহা এক টকাও কটা নাছিল। তদুপৰি, বিদেশত থকা ব্যক্তিসকলৰ একাউণ্টলৈও ১০০০ ডলাৰকৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল, মাত্ৰ ১৫ দিনৰ ভিতৰত অসমৰ বাহিৰত থকা ৪ লাখ লোকৰ একাউণ্ট নম্বৰ সংগ্ৰহ কৰি তেওঁলোকৰ একাউণ্টত সৰ্বমুঠ ১৫০ কোটি টকা পঠাইছিল। বৰ্তমানলৈকে প্ৰায় ১ লাখ ৪০ হাজাৰ কোভিড ৰোগীক ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ সেৱা আগবঢ়াইছে আৰু ইয়াৰ যোগেদি মানৱতাৰ এক উজ্জ্বল নিদৰ্শন ৰাজ্য চৰকাৰে দাঙি ধৰিছে।
সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, দূৰদৃষ্টি সম্পন্ন নৰেন্দ্ৰ মোদীয়ে সঠিক সময়ত সু-চিন্তা কৰি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতক আগুৱাই নিবলৈ সক্ষম হৈছে। আৰু ই-বুকখন ইয়াৰে প্ৰমাণ। তেখেতৰ নেতৃত্বতেই ভাৰতবৰ্ষ বিশ্বৰ বুকুত এক মহাশক্তি হিচাপে পৰিগণিত হৈছে। আৰু তেখেতৰ সৎ চিন্তাধাৰা আৰু আদৰ্শক দেশৰ কোটি কোটি ৰাইজে আঁকোৱালি লৈছে আৰু প্ৰকৃতাৰ্থত নৰেন্দ্ৰ মোদী জনতাৰ নেতা হিচাপে বিবেচিত হৈছে।
সভাখনিত উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন আৰু তথ্য-প্ৰযুক্তিৰ কোষৰ আহ্বায়ক অমিতাভ ভট্টাচাৰ্য, তথ্য-প্ৰযুক্তি কোষৰ ৰাষ্ট্ৰীয় সমিতিৰ সদস্য শান্তনু কলিতাকে আদি কৰি ৰাজ্যিক বিজেপিৰ ভালেসংখ্যক শীৰ্ষ পৰ্য্যায়ৰ নেতা।