নিউজ ডেস্কঃ
পুনৰ অসমত ১২ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। ৰাজ্যত বৰ্তমানেও কমা নাই কৰোণাতংক; ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ সংখ্যা। শেহতীয়াকৈ কৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
My condolences to the bereaved families.
Om Shanti 🙏 pic.twitter.com/Gt8MTEtQxc
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 18, 2020
ক’ৰোণাত মৃত্যু হোৱা এই লোক কেইজন হৈছে ক্ৰমে হুচেইন আলি আৰু বিজয় কৃষ্ণ মজুমদাৰ নগাওঁৰ পৰা, মানিক পৌল কামৰূপ মেট্ৰো’ৰ পৰা, অঞ্জলী বসুমতাৰী চিৰাঙৰ পৰা, শৈলেন্দ্ৰ দাস কাৰ্বি আংলঙৰ পৰা, মিনতি বৰঠাকুৰ আৰু ৰেহেনা বেগম শিৱসাগৰৰ পৰা, কনক কছাৰী আৰু জুৰি সূত্ৰধাৰ যোৰহাটৰ পৰা, প্ৰণৱ নাথ কাছাৰৰ পৰা, নাৰায়ণ চন্দ্ৰ কলিতা নলবাৰীৰ পৰা ভদ্ৰেশ্বৰ গগৈ ডিব্ৰুগড়ৰ পৰা । ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা হৈছে ৫২১জন।