নিউজ ডেস্কঃ
গুৱাহাটী ছেৱা কাৰ্যলয়ত দুৰ্নীতি নিবাৰক শাখা অভিযান।দুৰ্নীতি নিবাৰক শাখাৰ ১২জনীয়া এটা দলৰ অভিযানত হাতে-লুটে ধৰা পৰে ছেৱা সহকাৰী সচিব হেমন্ত ডেকা।ডেকাক গ্ৰেপ্তাৰ কৰা লগতে জব্দ কৰিছে বহু নথিপত্ৰ।৮হাজাৰ টকা ঘোচ লোৱা সময়ত ধৰা পৰে হাতে-লুটে।উল্লেখ আকস্মিক ভাৱে কাৰ্যলয়টোত চলিছিল অভিযান।
ডেকা বিৰূদ্ধে পূৰ্বতে আছিল দুৰ্নীতি গুৰুত্ব অভিযোগ।শিক্ষা বিভাগৰ দুৰ্নীতিৰ সৈতে তেওঁ সৈতে আৰু কোনোবা জড়িত হৈ আছে নেকি তাৰ বাবে জেৰা চলাই থকা হৈছে বিষয়া গৰাকীক।
প্ৰাপ্ত খবৰ অনুসৰি এগৰাকী যুৱতী চাৰ্টিফিকেটৰ নাম শুদ্ধ কৰা বাবদ ১০ হাজাৰ টকা বিচাৰিছিল বিষয়া গৰাকীয়ে।সচেতন ছাত্ৰী গৰাকীয়ে সমগ্ৰ ঘটনা দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰাত ৮হাজাৰ টকা লোৱা সময়ত হাতে লুটে ধৰা পৰে অভিযানকাৰী দলৰ হাতত।
শিৱ কুমাৰ ভুজেল নাম এগৰাকী ব্যক্তিয়ে কন্যা হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰমাণ পত্ৰ নাম শুধৰণীৰ বাবে যোৱা ৫ ছেপ্টেম্বৰত ডেকাই ১০ হাজাৰ টকা উৎকোচ বিচাৰিছিল।তাৰ পাছতে শিৱ কুমাৰে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দিয়ে।সেই অভিযোগৰ ভিত্তিত আজি উৎকোচ লোৱা অৱস্থাত হাতে লোতে গ্ৰেপ্তাৰ কৰে সচিব ডেকাক।
প্ৰায় ৫ ঘণ্টা জোৰা কাৰ্যলয়টোত অভিযান চলাই জব্দ কৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ।
তাপৰ্য পূৰ্ণ কথা ৰাজ্য ছাত্ৰ-ছাত্ৰী শৈক্ষিক বুনিয়াদ গঢ় দিয়া এটা গুৰুত্বপূৰ্ণ বিভাগ এনেধৰণৰ ঘটনা সংঘটিত হোৱাতো চৰম লজ্জাজনক।