নিউজ ডেস্কঃ
জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে৷ শনিবাৰে পুৱা পুনৰ জম্মু আৰু কাশ্মীৰত তিনিটা লস্কৰ সন্ত্ৰাসবাদীক যৌথ বাহিনীৰ সদস্যই গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে, বিশেষ সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা জম্মুৰ ৰাজৌৰি জিলাৰ এক এলেকাত অভিযান চলাই সেনাৰ যুটীয়া অভিযানকাৰী দলে৷
এই অভিযানত শনিবাৰে তিনিটা লস্কৰ-ই-তৈবাৰ তিনিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা দুটা একে ৪৭ ৰাইফল, দুটা পিস্তল, চাৰিটা গ্ৰেনেড আৰু নগদ এক লাখ টকা উদ্ধাৰ কৰে৷