স্পৰ্টছ ডেস্কঃ
ইটালী অপেনৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হ’ল ৰাফেল নাদাল৷ দেওবাৰে আৰ্জেণ্টিনাৰ দিয়াগো
চোৱাৰৎমেনা হাতত ৬–২, ৭–৫ পোনপটীয়া ছেটত পৰাস্ত হয় নাদাল৷ ইয়াৰ আগেয়ে ৯ বাৰ মুখামুখি হৈছিল নাদাল আৰু চোৱাৰৎমেনা৷
চোৱাৰৎমেনাৰ বিৰুদ্ধে তেওঁৰ ৰেকৰ্ড আছিল ১০০ শতাংশ জয়৷ কিন্তু এইবাৰ প্ৰথম সেই ৰেকৰ্ড ভাঙিলে চোৱাৰৎমেনাই৷ উল্লেখ্য যে দ্বিতীয় ছেটত চোৱাৰৎমেনা ৫-৪ত আগুৱাই আছিল৷ নাদালে ব্ৰেক পইণ্ট পাই ৫-৫ কৰে৷ টাই ব্ৰেকট মেচ চোৱাৰৎমেনাৰ হাতলৈ নিয়ে৷ এতিয়া নাদালা সন্মুখত আছে ফ্ৰান্স অপেন৷