নিউজ ডেস্কঃ
শেহতীয়াকৈ অসমত ১৪ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। ৰাজ্যত বৰ্তমানেও কমা নাই কৰোণাতংক; ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ সংখ্যা। শেহতীয়াকৈ কৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। ক’ৰোণাত মৃত্যু হোৱা এই লোক কেইজন হৈছে ক্ৰমে মহেন্দ্ৰ নাথ তিনিচুকীয়াৰ পৰা, সুবোধ মূখাৰ্জী চৰাইদেউৰ পৰা, ৰতিন্দ্ৰ কুমাৰ চন্দ্ৰ আৰু পংকজ চেত্ৰী ডিব্ৰুগড়ৰ পৰা, যোগেশ্বৰ গোহাঁই গোলাঘাটৰ পৰা, বদন দত্ত আৰু ৰঘুনাথ ঠাকুৰীয়া মৰিগাওঁৰ পৰা।
My condolences to the bereaved families. May God bless you with the strength to endure this tragedy.
Om Shanti 🙏 pic.twitter.com/YzZf4kLl1L
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 20, 2020
বীৰেশ মালাকাৰ হোজাইৰ পৰা, উপেন্দ্ৰ চন্দ্ৰ কলিতা আৰু দয়াৰাম তিয়াৰী কামৰূপ মেট্ৰোৰ পৰা, পিয়াৰা বেগম হোজাইৰ পৰা, ভদ্ৰেশ্বৰ গগৈ গোলাঘাটৰ পৰা, কৰবী কলিতা বাক্সাৰ পৰা আৰু শান্ত কুমাৰ লহিয়া ডিব্ৰুগড়ৰ পৰা । ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা হৈছে ৫৪৪ জন।