নিউজ ডেস্কঃ
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৬২ হাজাৰ ২১২ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে।
যাৰ ফলত দেশত মুঠ আক্রান্তৰ সংখ্যা হ’ল ৭৪ লাখ ৩২ হাজাৰ ৬৮০ জন। আমেৰিকাত এতিয়ালৈকে আক্রান্ত হৈছে ৮০ লাখ ৪৮ হাজাৰজন। তৃতীয় স্থানত থকা ব্রাজিলত ৫২ লাখজন।
আনহাতে, এই পর্যন্ত দেশত মুঠ ৬৫ লাখ ২৪ হাজাৰ ৫৯৫ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অৰ্থাৎ দেশৰ মুঠ আক্রান্তৰ ৮৭.৭৮ শতাংশই সুস্থ হৈ উঠিছে। যোৱা ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৭০ হাজাৰ ৮১৬ জন। বৰ্তমান দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ৭ লাখ ৯৫ হাজাৰ ৮৭ জন।
ইফালে আজি দেশত সংক্ৰমণ হাৰ হৈছে ৬.২৩ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত কৰোনা পৰীক্ষা হৈছে ৯ লাখ ৯৯ হাজাৰ ৯০ জনৰ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত কৰোনাত ৮৩৭ জনৰ মৃত্যু হৈছে। ইয়াকে লৈ মুঠ ১ লাখ ১২ হাজাৰ ৯৯৮ জনৰ প্রাণ কাঢ়িলে কৰোনাই। তাৰে ৪১ হাজাৰ ৫০২ জনৰ মৃত্যু হৈছে মহাৰাষ্ট্রত। তামিলনাডু আৰু কর্নাটকত মুঠ মৃত্যু ১০ হাজাৰৰো বেছি।
মৃত্যুৰ দৰে সংক্রমণৰো দেশৰ শীর্ষত থকা মহাৰাষ্ট্রত এতিয়ালৈকে ১৫ লাখ ৭৬ হাজাৰ লোক আক্রান্ত হৈছে। অন্ধ্রপ্রদেশত ৭ লক্ষ ৭৫ হাজাৰ আৰু ও কর্নাটকত ৭ লক্ষ ৫১ জন আক্রান্ত হৈছে। তামিলনাডুত ৬ লক্ষ ৭৯ হাজাৰ আৰু ৪ লক্ষ ৪৯ হাজাৰ আক্রান্তৰে দেশৰ পঞ্চম স্থানত উত্তৰ প্রদেশ।