নিউজ ডেস্কঃ
উত্তৰ প্ৰদেশত চলিছে দুষ্কৃতিকাৰীৰ দৌৰাত্ম্য৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৰাজ্যত এইবাৰ গুলীয়াই হত্যা কৰা হ’ল এজন বিজেপি নেতাক৷ এই সন্দৰ্ভত বিজেপিৰ তিনিজন নেতাক আৰক্ষীয়ে আটক কৰিছে৷ গোষ্ঠী কন্দলৰ বাবেই এই হত্যা কৰা হয়৷ ঘটনাটোৰ পাচৰে পৰা এলেকাটোত আতংকই বিৰাজ কৰিছে৷ মৃত দয়াশংকৰ গুপ্তা নামৰ লোকজন বিজেপিৰ মণ্ডল উপ সভাপতি আছিল৷
শুকুৰবাৰে ৰাতি নিজৰ দোকান বন্ধ বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়তে তেওঁক বাইকত যোৱা দুষ্কৃতিকাৰীয়ে গুলীয়াই পলায়ন কৰে৷ দয়াশংকৰ গুপ্তাক তৎক্ষণাত চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু হয়৷ মৃত লোকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত এই এলেকাৰ বিজেপি নেতা বীৰেশ তোমৰ আৰু তেওঁৰ দুজন আত্মীয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ মৃত পৰিয়ালৰ দাবী, ৰাজনৈতিক বিৰোধিতাৰ বাবেই তেওঁক হত্যা কৰে৷