নিউজ ডেস্কঃ
সীমান্তত ভাৰত-চীনৰ মাজত সংঘাত৷ ইপিনে প্ৰতিৱেশী ৰাষ্ট্ৰৰ বাবে আহি পৰিব নীৰৱ প্ৰত্যাহ্বান৷
ভাৰত-চীনৰ সংঘাত চলি থকাৰ মাজতে ভাৰতৰ বায়ুসেনালৈ আহিল এক সুখবৰ৷ আন ৩খন ৰাফেল জেট বিমান ভাৰত পোৱাহি কথা৷ নৱেম্বৰৰ প্ৰথম সময়চোৱাতে ফ্রান্সৰ পৰা হাৰিয়ানাৰ আম্বালা এয়াৰবেচ পাবহি এই ৰাফেল বিমানকেইখন৷
উল্লেখ্য যে ২০১৬ চনৰ চুক্তিৰ হিচাপত ৫৯ হাজাৰ কোটি টকাৰ বিনিময়ত মুঠ ৩৬ খন ৰাফেল বিমান ভাৰতে পাব৷ মন কৰিব লগা যে যোৱা ছেপ্টেম্বৰত পাঁচখন বিমান ভাৰতে পাইছে৷ এইবাৰ আন তিনিখন বিমান ভাৰত পাবহি৷ ইয়াৰ লগে লগে ৮ খন ৰাফেল বিমানৰ গৰাকী হ’ব ভাৰত৷