নিউজ ডেস্কঃ
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৫৩ হাজাৰ ৩৭০ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। যাৰ ফলত দেশত মুঠ আক্রান্ত হ’ল ৭৮ লক্ষ ১৪ হাজাৰ ৬৮২ জন। আমেৰিকাত এতিয়ালৈকে মুঠ আক্রান্ত হৈছে ৮৪ লক্ষ ৮৯ হাজাৰজন। তৃতীয় স্থানত থকা ব্রাজিলত ৫৩ লক্ষ ৫৩ হাজাৰজন।
এই পর্যন্ত দেশত মুঠ ৭০ লক্ষ ১৬ হাজাৰ ৪৬ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। দেশৰ মুঠ আক্রান্তৰ প্রায় ৯০ শতাংশ বেছি সুস্থ হৈ উঠিছে। বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৬৭ হাজাৰ ৫৪৯ জন। বৰ্তমান দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ৬ লক্ষ ৮০ হাজাৰ ৬৮০ জন।
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত কোভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৬৫০ জন। ইয়াকে লৈ ১ লক্ষ ১৭ হাজাৰ ৯৫৬ জনৰ প্রাণ কাঢ়িছে কৰোনাই। ইয়াৰে ভিতৰত ৪৩ হাজাৰ ১৫ জনৰ মৃত্যু হৈছে মহাৰাষ্ট্রতেই।
তামিলনাডু আৰু কর্নাটকত মুঠ মৃত্যু যথাক্রমে ১০ হাজাৰ ৮৫৮ আৰু ১০ হাজাৰ ৮২১। উত্তৰ প্রদেশ আৰু অন্ধ্রপ্রদেশত মৃত্যু সংখ্যা চাৰে ৬ হাজাৰ পাৰ কৰিছে। দিল্লী আৰু পশ্চিমবঙ্গত ৬ হাজাৰ পাৰ কৰিছে।
মৃত্যুৰ দৰে সংক্রমণৰ শীর্ষতো মহাৰাষ্ট্র। এই পৰ্যন্ত ১৬ লক্ষ ৩২ হাজাৰ লোক ৰাজ্যখনত আক্রান্ত হৈছে। অন্ধ্রপ্রদেশত মুঠ সংক্রমণ ৮ লক্ষ অতিক্ৰম কৰিলে। ৭ লক্ষ ৯৩ হাজাৰজন আক্রান্ত হৈছে কর্নাটকত। তামিলনাডুত মুঠ আক্রান্ত ৭ লক্ষ পাৰ কৰিছে। ৪ লক্ষ ৬৬ হাজাৰ আক্রান্তৰে দেশৰ পঞ্চম স্থানত উত্তৰ প্রদেশ।