নিউজ ডেস্কঃ
আৰক্ষীৰ ভাবমূর্তি বিনষ্ট কৰাৰ লগতে আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে বাহিনীৰ সদস্যসকলৰ ভিতৰত ‘অসন্তোষ’ সৃষ্টিৰ প্রৰোচনা কৰাৰ অভিযোগত ৰিপাব্লিক টিভিৰ কাৰ্যবাহী সম্পাদক, এঙ্কৰ, দুই ৰিপোর্টাৰ আৰু অন্যান্য সম্পাদকীয় কর্মচাৰীৰ বিৰুদ্ধে নতুন এফআইআৰ দাখিল কৰিলে মুম্বাই আৰক্ষীয়ে।
এন এম যোশী মার্গ থানাত দাখিল কৰা এফআইআৰ অনুযায়ী, ‘বিগেষ্ট ষ্টৰী টুনাইট’ বিভাগত বৃহস্পতিবাৰে (২২ অক্টোবৰ) এখন প্রতিবেদন আগবঢ়ায় ৰিপাব্লিক টিভিয়ে। তাত কেপচন আছিল – ‘পৰমবীৰ সিঙৰ বিৰুদ্ধে বিদ্রোহ? তদন্তত থকা জ্যেষ্ঠ বিষয়াসকলে তথ্য দিছে।’
সেই অনুষ্ঠানত অভিযোগ কৰা হয়, মুম্বাই আৰক্ষীৰ ভাবমূর্তিত কালিমা সানিছে আৰক্ষী আয়ুক্তই। সেই নিউজ শ্ব কৰিছিল এঙ্কৰ শিবানী গুপ্ত আৰু ৰিপর্টাৰ সাগৰিকা মিত্রই। আৰু সেই তথ্য সংগ্রহ কৰিছিল ৰিপাব্লিকৰ ৰিপর্টাৰ শ্বাৱান সেনে। তেওঁলোক তিনিজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে।
একেলগে শ্বটোৰ এক্সিকিউটিভ অফিচাৰ নিৰঞ্জন নাৰায়ণ স্বামীসহ অন্যান্য সম্পাদকীয় কর্মচাৰীসকলৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে ১৯২২ চনৰ আৰক্ষী আইন (অসন্তোষত প্রৰোচনা দিয়া) আৰু ভাৰতীয় দণ্ডবিধিৰ ৫০০ (মানহানি) আৰু ৩৪ (একেই উদ্দেশ্য) ধাৰাত গোচৰ ৰুজু হৈছে।