নিউজ ডেস্কঃ
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গে জনাই যে অসম-মিজোৰাম সীমা বিবাদৰ অন্ত পেলাবলৈ তেওঁলোক বদ্ধপৰিকৰ আৰু এই ক্ষেত্ৰত ২০২১চনৰ মাৰ্চৰ ভিতৰত সিদ্ধান্তলৈ আহিব বুলিও জনাই মন্ত্ৰী জনে ৷
২২ অক্টোবৰ তাৰিখে দিন জোৰা মিজোৰাম দৰ্শন কাৰ্যসূচীত ৰাজ্যপাল পি.এছ.শ্ৰীধৰন পিল্লাই, মুখ্যমন্ত্ৰী জ’ৰামথাংগা আহ্বান জনাই ৰাজ্যিক মুখ্য সচিব লেনানমাউইৱা চুৱাউংগ’ আৰু অন্যান্য নাগৰিক সমাজৰ সংস্থা সমূহৰ লগত সীমান্ত সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ ৷
সভাৰ অন্তত গাৰ্গে জনাই যে অসম-মিজোৰাম সীমা বিবাদ স্থায়ী ভাৱে অন্ত পেলোৱাৰ ক্ষেত্ৰত কেন্দ্ৰ উৎসাহী আৰু আশাবাদী ৷