নিউজ ডেস্কঃ
দেওবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ প্রকাশিত বুলেটিন অনুযায়ী, দেশত কৰোনাত সংক্রমিত হৈছে ৭৮ লক্ষ ৬৪ হাজাৰ ৮১১। ইয়াৰ ভিতৰত সুস্থ হৈ উঠিছে ৭০ লক্ষ ৭৮ হাজাৰ ১২৩ জন। ফলত এই মুহূর্তত সক্রিয় আক্রান্তৰ সংখ্যা হৈছে ৬ লক্ষ ৬৮ হাজাৰ ১৫৪।
ইয়াৰ ভিতৰত বিগত ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হৈছে ৫০ হাজাৰ ১২৩ জন। ৫৭৮ জন কোভিড ৰোগীৰ মৃত্যু হৈছে এই সময়ছোৱাত। আনহাতে, আজিৰ বুলেটিন অনুযায়ী, দেশত সুস্থতাৰ হাৰে চুইছে ৯০ শতাংশ।