নিউজ ডেস্কঃ
আশঙ্কা আছিল পূৰ্বৰ পৰাই। কেন্দ্রীয় গৃহষ্ট্রমন্ত্রীৰ সৈতে বংগৰ ৰাজ্যপালৰ বৈঠকৰ পিছত সেই আশঙ্কা আৰু চৰ্চা ক্রমশঃ বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে। য’ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে দিল্লীত বৈঠকৰ পিছত কার্যতঃ ৰাজ্যখনৰ প্রশাসনক কঠোৰ ভাষাত আক্রমণ কৰে পশ্চিমবঙ্গৰ সাংবিধানিক মুৰব্বীজনে। যিটো প্ৰত্যক্ষ কৰি বহুতেই কৈছে, ৰাজ্যখনত ৰাষ্ট্রপতি শাসন জাৰি হ’বলৈ কেৱল সময়ৰ অপেক্ষা।
উল্লেখ্য, ৰাজ্যখনৰ ৰাজ্যপালৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই জাগদীপ ধনকাৰে শিক্ষাৰ পৰা স্বাস্থ্য, আইন-শৃঙ্খলা বিভিন্ন বিষয়ত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত ৰাজ্য বনাম ৰাজ্যপালৰ সম্পর্কৰ তিক্ততা সৃষ্টি হয়। কিছুদিন আগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এক সাক্ষাৎকাৰত কৈছিল, ৰাজ্যখনত ৰাষ্ট্রপতি শাসন জাৰিৰ দাবী অমূলক নহয়।
আৰু ইয়াৰ কিছুদিন পিছতেই হঠাৎ পশ্চিমবঙ্গৰ ৰাজ্যপালৰ দিল্লী ভ্ৰমণ আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ সৈতে বৈঠকক কেন্দ্র কৰি ব্যাপক চাঞ্চল্য সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যজুৰি। বহুতেই কৈছিল, ৰাজ্যত ৰাষ্ট্রপতি শাসন জাৰিৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীৰ সৈতে আলোচনা কৰিবলৈয়ে গ’ল নেকি পশ্চিমবঙ্গৰ ৰাজ্যপাল! আৰু আলোচনাৰ শেষত পশ্চিমবঙ্গৰ সাংবিধানিক মুৰব্বীজনে যেনেদৰে ৰাজ্য চৰকাৰক কটাক্ষ কৰিবলৈ আৰম্ভ কৰিলে, তাৰ পৰাই ৰাজ্যখনত ৰাষ্ট্রপতি শাসনৰ দিশেই আগবাঢ়িছে বুলি অনুমান একাংশৰ।