সৰু অথবা ডাঙৰ পৰ্দাত প্ৰায়ে সাপৰ পৌৰাণিক কাহিনীবোৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এনে কাহিনীবোৰে আচলতে দৰ্শকৰ বহুল সমাদৰো লাভ কৰিছে; হিন্দী ছবি জগতত “সাপ” ৰ কাহিনীৰে নিৰ্মিত ছবিৰ নাম ক’লেই আমাৰ ছবিসমূহৰ নামতকৈ আগতে মনত পৰে ছবিখনত “সাপ” ৰ চৰিত্ৰ ৰূপায়েনেৰে জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰীৰ নাম। শ্ৰী দেৱী, ৰীণা ৰয়ে পূৰ্বতেই হিন্দী ছবিজগতত “সাপ” ৰ চৰিত্ৰ ৰূপায়েনেৰে এই ছবিসমূহক এক উচ্চ পদত প্ৰতিষ্ঠিত কৰিছিল। এইবাৰ হিন্দী ছবি জগতলৈ আহি আছে এগৰাকী নতুন “নাগিন”; তেওঁৰ নাম হৈছে শ্ৰদ্ধা কাপুৰ। শেহতীয়াকৈ তেওঁ নিজৰ নতুন চৰিত্ৰটোৰ বিষয়ে জানিবলৈ দিয়ে। টুইট যোগে অভিনেত্ৰী গৰাকীয়ে কয় যে, “ডাঙৰ পৰ্দাত “নাগিন” ৰ চৰিত্ৰ ৰূপায়ন কৰাটো মোৰ বাবে বহু ডাঙৰ কথা। সৰুৰ পৰাই শ্ৰী দেৱী মেমৰ ছবি “নাগিনা” আৰু নিগাহে” চাই ডাঙৰ হৈছো গতিকে এনে ছবিত অভিনয় কৰাটো মোৰ বাবে ডাঙৰ অভিজ্ঞতা।”
It’s an absolute delight for me to play a Naagin on screen. I have grown up watching, admiring and idolising Sridevi ma'am's Nagina and Nigahen and have always wanted to play a similar role rooted in Indian traditional folklore.✨💜@Nikhil_Dwivedi @FuriaVishal @saffronbrdmedia
— Shraddha (@ShraddhaKapoor) October 28, 2020
উল্লেখ্য যে, শ্ৰদ্ধা কাপুৰে অভিনয় কৰিবলগীয়া এই ছবিখনৰ পৰিচালনা কৰিব বিশাল ফুৰিয়াই আৰু ইয়াৰ প্ৰযোজনা নিখিল দ্বিবেদীৰ। আনহাতে, হিন্দী ছবি ক্ষেত্ৰত উক্ত বিষয়বস্তুৰে প্ৰথমখন ছবি নিৰ্মাণ হৈছিল ১৯৮৬ চনত; য’ত অভিনয় কৰিছিল শ্ৰী দেৱী আৰু ঋষি কাপুৰে। এই ছবিখনৰ দ্বাৰাই শ্ৰী দেৱীৰ এই ৰূপটোক সকলোৱে আঁকোৱালি লৈছিল লগতে “নাগিন” ৰ বিষয়বস্তুটোক সঁহাৰি জনাইছিল দৰ্শকে।