নিউজ ডেস্কঃ
আপুনিও পাবজিৰ অনুৰক্ত নেকি? তেতিয়াহ’লে দুঃসংবাদ! আজি অৰ্থাৎ ৩০ অক্টোবৰৰ পৰা ফোনত পাবজি এপ থাকিলেও ভাৰতত আৰু কাম নকৰে জাবজিয়ে। অৰ্থাৎ আজিৰে পৰা আৰু মোবাইলত খেলিব নোৱাৰিব পাবজি! দুমাহ আগতে চৰকাৰী ঘোষণাৰ পিছতো নানা ধৰণে পাবজি খেলাৰ উপায় বাহিৰ কৰিছিল পাবজিপ্রেমীসকলে। কিন্তু এইবাৰ আৰু কোনো ৰাস্তা নাই। শুক্রবাৰৰ পৰা সম্পূৰ্ণভাবে বন্ধ হ’ব এপটোৰ কার্যকাৰিতা।
যিসকলৰ ফোনত পূৰ্বৰে পৰাই এপটি ইনষ্টল কৰা আছিল, তেওঁলোকে পাবজি খেলিব পাৰিছিল। কিন্তু বৃহস্পতিবাৰে পাবজি মোবাইল ভাৰতে তেওঁলোকৰ অফিচিয়েল ফেচবুক পেজত ঘোষণা কৰে, শুক্রবাৰৰ পৰা ভাৰতত এই টেনছেণ্ট গে’মবিধ বন্ধ কৰা হ’ব। ব্যৱহাৰকাৰীসকলে পাবজি এপ আৰু পাবজি লাইট এপ দুয়োটাৰ ক্ষেত্রতেই আৰু কোনো সেৱা লাভ নকৰিব।