নিউজ ডেস্কঃ
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ প্রকাশিত বুলেটিন অনুযায়ী, দেশত বিগত ২৪ ঘণ্টাত নতুনকৈ কৰোনা ভাইৰাছত সংক্রমিত হৈছেন ৪৮ হাজাৰ ২৬৮ জন। শুক্রবাৰে সেয়া আছিল ৪৮ হাজাৰ ৬৪৮ জন। ইয়াকে লৈ সমগ্ৰ দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাই হ’ল ৮১ লক্ষ ৩৭ হাজাৰ ১১৯ জন।
সংক্রমণ কমিলেও, মৃত্যুক লৈ উদ্বেগৰ ক’লা মেঘ আঁতৰা নাই। যোৱা ২৪ ঘণ্টাত প্রাণ হেৰুৱাইছে ৫৫১ জনে। আনহাতে, সংক্রমণৰ হাৰ হৈছে ৪.৫২ শতাংশ।
ইফালে যোৱা ২৪ ঘণ্টাত কৰোনামুক্ত হৈছে ৫৯ হাজাৰ ৪৫৪ জন। শনিবাৰৰ সুস্থতাৰ সংখ্যা ধৰি সমগ্ৰ দেশত বৰ্তমান ৭৪ লক্ষ ৩২ হাজাৰ ৮২৯ জনে কৰোনা বিজয় কৰিছে। দেশত বৰ্তমান সক্রিয় কৰোনা ৰোগীৰ সংখ্যা ৫ লক্ষ ৮২ হাজাৰ ৬৪৯ জন। সুস্থতার হাৰ হৈছে ৯১.৩৪ শতাংশ।
আনহাতে কৰোনা আক্ৰান্ত দেশৰ তালিকাত শীৰ্ষত থকা আমেৰিকাত আক্রান্তৰ সংখ্যা ৯০ লাখৰো বেছি। দ্বিতীয় স্থানত আছে ভাৰত। ৫৫ লাখৰো অধিক কৰোনা আক্রান্তৰ সংখ্যাৰে তৃতীয় স্থানত ব্রাজিল। আমেৰিকাত কোভিডৰ বলি ২ লক্ষ ২৯ হাজাৰ ৬৭৬ জন। ভাৰতত মৃত্যু হৈছে ১ লক্ষ ২১ হাজাৰ ৬৪১ জন। ব্রাজিলত প্রাণ হেৰুৱাইছে ১ লক্ষ ৫৯ হাজাৰ ৪৭৭ জনে।