নিউজ ডেস্কঃ
আগন্তুক জুলাইৰ ভিতৰত ২৫ কোটি ভাৰতীয়ক কৰোনা টীকা দিয়াই লক্ষ্য। অক্টোবৰৰ আৰম্ভণিতে এই কথা জনাইছিল কেন্দ্রই। সেই লক্ষ্যত উপনীত হ’বলৈ এইবাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিলে কেন্দ্ৰই। টীকাকৰণ প্রক্রিয়া যাতে সুস্থভাবে পৰিচালিত হয়, তাৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলক বিশেষ কমিটি গঠনৰ নির্দেশ দিয়া হ’ল।
টীকাকৰণ আৰম্ভ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলবোৰক প্রয়োজনীয় ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিব ইই কমিটিয়ে। কেৱল সেয়াই নহয়, ছচিয়েল মিডিয়াৰ যুগত কৰোনা টীকাক লৈ ভুৱা খবৰ বিয়পালে সাধাৰণ মানুহে তাক ল’বলৈ উৎসাহ নেদেখাবও পাৰে। ছচিয়েল মিডিয়াত নজৰ ৰাখি আৰম্ভণিতেই যাতে এই ধৰণৰ ভুৱা খবৰ আঁতৰাই পেলোৱা যায়, সেই দায়িত্বও চম্ভালিব কমিটিখনে।