নিউজ ডেস্কঃ
প্ৰতিষেধকৰ মাধ্যমেৰে কোভিড-১৯ ৰুধিব পৰাটো সম্ভৱ হয়নে নহয়, অহা ডিচেম্বৰৰ ভিতৰতেই সেয়া পৰিষ্কাৰ হৈ যাব। আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অব এলার্জি এণ্ড ইনফেকছাছ ডিজিজ (এনআইএআইডি)ৰ সঞ্চালক এণ্টনি ফাউচিয়ে সম্প্রতি এই কথা জনাইছে।
সেই লক্ষ্য পূৰণ কৰিবলৈ এইবাৰ জোৰদাৰ প্রস্তুতি আৰম্ভ কৰিলে দেশৰ ৩ ঔষধ প্রস্তুতকাৰক কোম্পানী মডার্না আইএনচি, জনছন এণ্ড জনছন আৰু ফাইজাৰ আইএনচিয়ে। খুব শীঘ্ৰেই তেওঁলোকৰ উৎপাদিত সম্ভাৱ্য কৰোনা টীকা বজাৰলৈ আহিবলৈ আগবাঢ়িছে বুলি বিবৃতি জাৰি কৰিছে মডার্নাই। কম বয়সীয়াসকলৰ ওপৰত প্রতিষেধকৰ পৰীক্ষামূলক প্রয়োগ কৰিবলৈ আগবাঢ়িছে জনছন এণঅড জনছনেও। ক্লিনিকেল ট্রায়েল শেষ কৰাৰ পথত ফাইজাৰ।
এই মুহূর্তত শেষ পর্যায়ৰ ক্লিনিকেল ট্রায়েল চলাইছে মডার্না আইনএনছচিয়ে। মুঠ ৩০ হাজাৰ স্বেচ্ছাসেৱকক লৈ চূড়ান্ত পর্যায়ৰ ক্লিনিকেল ট্রায়েল চলাইছে তেওঁলোকে। ইয়াৰ ভিতৰত ২৫ হাজাৰ ৬৫০ জনৰ ওপৰত তেওঁলোকৰ উৎপাদিত এমআৰএনএ-১২৭৩ প্রতিষেধকৰ দ্বিতীয় ড’জ প্রয়োগ কৰা হৈছে। এই স্বেচ্ছাসেৱকসকলৰ ভিতৰত ৩৭ শতাংশ বিভিন্ন গ্ৰুপৰ মানুহ বুলি জনা গৈছে। তাৰ ভিতৰত মধ্যে ৪২ শতাংশই আকৌ কিবা নহয় কিবা গুৰুতৰ অসুখত ভুগিছে।
মডার্নাৰ যুক্তি, জানি-শুনিয়েই কোমর্বিডিটি থকা স্বেচ্ছাসেৱকসকলক তেওঁলোকে নিৰ্বাচন কৰিছে। কাৰণ কোমর্বিডিটি থকা সত্ত্বেও যদি তেওঁলোকৰ উৎপাদিত প্রতিষেধক কার্যকৰী হিচাবে প্রমাণিত হয়, সেই ক্ষেত্রত জৰুৰীভাবে টীকা প্রয়োগৰ অনুমোদন যোগাৰ কৰা আৰু সহজ হ’ব। এই পর্যন্ত তেওঁলোকৰ দ্বাৰা উৎপাদিত প্রতিষেধক ৭০ শতাংশ ক্ষেত্রত কার্যকৰী প্রমাণিত হৈছে বুলি তেওঁলোকে জনাইছে। সেই কাৰণে ক্লিনিকেল ট্রায়েল সম্পূর্ণ নহ’লেও, ইতিমধ্যেই আগতীয়াকৈ ১১০ কোটি ডলাৰৰ অর্ডাৰ লাভ কৰা বুলি দাবী কৰিছে মডার্নাই।