নিউজ ডেস্কঃ
প্ৰতিৰক্ষা গৱেষণাত আন এক সাফল্য ভাৰতৰ৷ অত্যাধুনিক ব্রহ্মছ ছুপাৰছনিক ক্রুজ মিছাইলৰ পৰীক্ষাত সফল ভাৰত৷ মঙলবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এই পৰীক্ষা কৰা হয়৷ এটা লক্ষ্যভেদ কৰাত সফল হৈছে বুলি জানিব পৰা গৈছে৷ ইয়াৰ আগতে যোৱা মাহত এই ক্ষেপণাস্ত্রৰ এটা পৰ্যায়ৰ পৰীক্ষা হৈছিল৷ এইবাৰ চূড়ান্ত কৰা হ’ল, য’ত সফলতা পোৱা গ’ল৷ মঙলবাৰে পুৱা ১০ বজাত এই পৰীক্ষা কৰা হয়৷ ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই এই পৰীক্ষা কৰে৷ এটা দ্বীপৰ পৰা সৰু হ’লেও আন এটা দ্বীপত থকা লক্ষ্যবস্তুক নিখুঁটভাৱে আঘাত কৰে ৷
উল্লেখ্য যে যোৱা ১৮ অক্টোবৰত আৰৱ সাগৰত ভাৰতীয় নৌ সেনাৰ অত্যাধুনিক ৰণতৰী আইএনএছ চেন্নাইৰ পৰা আঘাত কৰে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰটোৱে৷ ভাৰত আৰু ৰাছিয়াই যৌথভাৱে এই ব্ৰহ্মছ নিৰ্মাণ কৰিছে৷ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰটো ঘণ্টাত ৩৭০০ কিলোমিটাৰ বেগত লক্ষ্যবস্তুক আঘাত হানে৷ প্ৰাথমিকভাৱে ২৯০ কিলোমিটাৰ হ’লেও এই ক্ষেপণাস্ত্ৰই ৪০০ কিলোমিটাৰ দূৰত লক্ষ্যবস্তুক আঘাত কৰিব পাৰে৷