অজন্তা তালুকদাৰ
বোকাখাতঃ
বিগত কভিডক্লিষ্ট সময়চোৱাৰ শ্বাসৰুদ্ধ বিৰতিৰ অন্তত নাট্য নগৰী বোকাখাত পুনৰ স্বাস্বত হৈ উঠিল নাটকেৰে।
নাটকৰ প্ৰসাৰ, প্ৰচাৰ আৰু উত্তৰণৰ বাবে কাম কৰি যোৱা ‘দেখহ শুনহ’ নাট্যদলৰ নিবেদনত ‘বান্দৰঃ এক উভতনি যাত্ৰা’ যোৱা ২৯ নৱেম্বৰত মঞ্চস্থ হৈ যায় বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত। বিশিষ্ট নাট্যকাৰ-পৰিচালক পবিত্ৰ ৰাজখোৱা ৰচিত নাটখনিৰ পৰিচালনা বোকাখাতৰ প্ৰতিশ্ৰুতিসম্পন্ন যুৱ নাট্যকৰ্মী তৰুণ তীৰ্থ শইকীয়াৰ। প্ৰেক্ষাগৃহৰ বাহিৰত সূৰ্যৰ পোহৰত চোতালক মঞ্চ হিচাপে ব্যৱহাৰ কৰা নাটকখনি দৰ্শকৰ বাবে অধিক উপভোগ্য হৈ উঠা পৰিলক্ষিত হ’ল।
শিক্ষয়িত্ৰী-লেখিকা গীতিৰেখা দত্তই আঁত ধৰা নাট্যানুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই বন্তি প্ৰজ্বলন আৰু শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি নাটৰ শুভাৰম্ভ কৰে।
ব্যংগ ৰসিক নাটখনিৰ অভিনয়ত আছিল পৰিচালক তৰুণ তীৰ্থ শইকীয়াৰ লগতে বোকাখাতৰ উদীয়মান এদল যুৱ প্ৰতিভা ক্ৰমে প্ৰনৱ শইকীয়া, নীলাক্ষী ৰাজখোৱা, অভিলাষ বৰবৰা, ৰূপম বাহেক, পাৰ্থ প্ৰতীম বৰা, লোকপ্ৰিয়া বৰা, অৰ্পিতা কাশ্যপ, প্ৰিয়াংশু প্ৰাঞ্জল, আকাশদ্বীপ শইকীয়া, শিশু শিল্পীদ্বয় অনুৰাগ অৰ্চন শইকীয়া আৰু পত্ৰ নীলাভ, সংগীতত ৰঞ্জিত কলিতা আৰু তন্ময় শইকীয়া। ৰূপসজ্জাত আছিল বিশিষ্ট পৰিচালক-অভিনেতা নিৰজমনি বৰা।