নিউজ ডেস্কঃ
ছীল কৰা হ’ল দিল্লীৰ সীমান্ত। লগতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা বিক্ষোভকাৰীসকলে দেশৰ ৰাজধানী দিল্লী অৱৰোধৰ ভাবুকি দিয়াৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
আনহাতে, বিদ্ৰোহী কৃষক সংগঠনবোৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক নাকচ কৰাৰ পিছত দেওবাৰে মাজনিশা প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং আৰু কৃষিমন্ত্রী নৰেন্দ্র সিং তোমৰৰ সৈতে বিজেপিৰ সভাপতি জেপি নাড্ডাৰ বাসগৃহত এক বৈঠকত মিলিত হয় গৃহমন্ত্রী অমিত শ্বাহ। উক্ত বৈঠকতেই দিল্লী সিমান্ত ছীলৰ সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে। ইফালে প্ৰধানমন্ত্ৰীৰ পৰা একাধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে কৃষি আইনৰ সপক্ষে বক্তব্য ৰাখিলেও টলাব পৰা নাই বিদ্ৰোহী কৃষকসকলক৷
সোমবাৰে গুৰু নানকৰ জন্মদিনটোতো একে উৎসাহেৰে প্ৰতিবাদ কৰি গৈছে তেওঁলোকে। আনহাতে, দিল্লী সীমান্তত বিদ্ৰোহী কৃষকৰ সমদলৰ শাৰী ইমানেই দীঘল হৈ গৈ আছে যাৰ ফলত উত্তেজনাই চৰম অৱস্থালৈ গতি কৰিছে।
ভাৰতীয় কিষাণ ইউনিয়ন ক্রান্তিকাৰী (পঞ্জাব)ৰ সভাপতি তথা কৃষক নেতা সুৰজিৎ এছ ফুলে কোৱা মতে, তেওঁলোকে দিল্লীত প্ৰৱেশ কৰা পাঁচটি প্রধান পথ অৱৰোধ কৰি ৰাজধানী ঘেৰাও কৰিব। তেওঁলোকে চাৰি মাহৰ ৰেচন লগত লৈ অহা বুলিও প্ৰকাশ কৰে।