নিউজ ডেস্কঃ
কৰোনা পৰিস্থিতি পর্যালোচনা কৰিবলৈ পুনৰ সর্বদলীয় বৈঠক আহ্বান কেন্দ্রৰ। অহা ৪ ডিচেম্বৰ, শুকুৰবাৰে এই বৈঠকৰ আহ্বান জনোৱা হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ সকলো দলৰ নেতাসকলক বৈঠকলৈ আহ্বান জনোৱা হৈছে বুলি চৰকাৰী সূত্র উদ্ধৃত কৰি জনাইছে সংবাদ সংস্থা পিটিআইয়ে। বৈঠকত চৰকাৰী পক্ষৰ নেতা হিচাবে উপস্থিত থাকিব প্রধানমন্ত্রী নৰেন্দ্র মোদী।
লগতে উপস্থিত থাকিব গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, স্বাস্থ্যমন্ত্রী হর্ষ বর্ধন আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী প্রহ্লাদ যোশী উপস্থিত থাকিব পাৰে বুলি জানিব পৰা গৈছে।