নিউজ ডেস্কঃ
১৩ বছৰ পূৰ্বে ৰিলায়েন্স পেট্রোলিয়ামৰ শ্বেয়াৰ আগতীয়া লেনদেনেৰে বজা এটা বেআইনীভাবে সালসলনি কৰাৰ অভিযোগত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ (আৰআইএল) আৰু তাৰ কর্ণধাৰ মুকেশ অম্বানীক জৰিমনা বিহিলে শ্বেয়াৰ বজাৰ নিয়ন্ত্রক ছেবিয়ে। যাৰ পৰিমাণ যথাক্রমে ২৫ কোটি আৰু ১৫ কোটি টকা। তাৰ লগতে পৰিচালন সঞ্চালক হিচাবে মুকেশ ‘ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সকলো ধৰণৰ বেআইনী কামৰ বাবে দায়ী’ বুলিও ৰায়ত জনাইছে ছেবিৰ এডজুডিকেটিং বিষয়া বি জে দিলীপ। এই ৰায় সন্দৰ্ভত অৱশ্যে ৰিলায়েন্সৰ প্রতিক্রিয়া লাভ কৰা হোৱা নাই।