নিউজ ডেস্কঃ
১৯৫০ চন। তেতিয়াৰে পৰা গণতন্ত্র দিৱসৰ দিনা কুচকাৱাজৰ পৰম্পৰা চলি আহিছে ভাৰতত। প্রতি বছৰে সেই অনুষ্ঠানত উপস্থিত থাকে কোনোবা নহয় কোনোবা বিদেশী ৰাষ্ট্রনেতা। ব্যতিক্রম হৈছিল ১৯৬৬ চনত। তাৰ পিছত এইবাৰ, ২০২১ চনত। কাৰণ কৰোনা।
১৯৬৬ চনৰ ১১ জানুৱাৰীত তাচখণ্ডত ৰহস্যজনক মৃত্যু হয় প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীৰ। ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰে শপত লয় ২৪ জানুৱাৰীত। গণতন্ত্র দিবসৰ দুদিন আগতে। জানিব পৰা মতে, সেই কাৰণে কাকো সেই বছৰ আমন্ত্রণ জনোৱা হোৱা নাছিল।
কিন্তু পূৰ্বে ঘোষণা কৰা মতে, এই বছৰ ২৬ জানুৱাৰীৰ অনুষ্ঠানত ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন উপস্থিত থকাৰ কথা আছিল। কিন্তু ব্রিটেইনত কৰোনাৰ নতুন প্ৰজাতিৰ প্ৰকোপত বাতিল হয় ভ্ৰমণ। হাতত আৰু মাত্র ১২টামান দিন। ইয়াৰ মাজতে অন্য ৰাষ্ট্র প্রধানক আমন্ত্রণ জনোৱা আৰু তেওঁৰ সন্মতি আদায়ৰ আশা দেখা নাই বিশেষজ্ঞসকলে। সেয়ে অনুমান কৰা হৈছে, প্রায় ৫৫ বছৰ পিছত এইবাৰ কুচকাৱাজত নাথাকিব কোনো বিদেশী অতিথি!