নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ১৫ হাজাৰ ৯৬৮ জন। এই পৰ্যন্ত দেশত মুঠ আক্রান্ত ১ কোটি ৪ লক্ষ ৯৫ হাজাৰ ১৪৭ জন। মুঠ আক্রান্তত বিশ্বৰ প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ২ কোটি ২৮ লক্ষ অতিক্ৰম কৰিছে। তৃতীয় স্থানত থকা ব্রাজিলত মুঠ আক্রান্ত ৮১ লক্ষ ৯৫ হাজাৰ।
আনহাতে, কৰোনাৰ ফলত দেশত বৰ্তমানলৈকে ১ লক্ষ ৫১ হাজাৰ ৫২৯ জনৰ মৃত্যু হৈছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২০২ জন। দেশৰ মুঠ মৃত্যুৰ এক তৃতীয়াংশই মহাৰাষ্ট্রত। ৰাজ্যখনত মুঠ মৃত্যুৰ সংখ্যা ৫০ হাজাৰ পাৰ কৰিছে। কর্নাটক আৰু তামিলনাডুত ১২ হাজাৰ অতিক্ৰম কৰিছে। দিল্লীত চাৰে ১০ হাজাৰ।
ইফালে দেশত কোভিডৰ পৰা সুস্থ হৈছে ১ কোটি ১ লক্ষ ২৯ হাজাৰ ১১১ জন। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ১৭ হাজাৰ ৮১৭ জন। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ২ লক্ষ ১৪ হাজাৰ ৫০৭ জন। দেশত ২৪ ঘণ্টাত কৰোনা পৰীক্ষা হৈছে ৮ লক্ষ ৩৬ হাজাৰ ২২৭ জনৰ। সংক্রমণ হাৰ ১.৯১ শতাংশ।