নিউজ ডেস্কঃ
৫২ বছৰীয়া কনছাছৰ মহিলা লিছা মন্টেগোমাৰিকক মৃত্যুদণ্ড দিয়া হ’ল মার্কিন যুক্তৰাষ্ট্রত৷ ১৯৫৩ চনত মার্কিন মুলুকত অন্তিমবাৰ কোনো মহিলাক মৃত্যুদণ্ড দিয়া হৈছিল৷ ৭০ বছৰ পিছত ৰাষ্ট্ৰখনত পুনৰ কোনো মহিলাক মৃত্যুদণ্ড দিলে মার্কিন চৰকাৰে৷
এছোচিয়েট প্রেছৰ ৰিপোর্ট অনুযায়ী, বুধবাৰে লিছাৰ পৰা জানিব বিচৰা হৈছিল, মৃত্যুৰ পূৰ্বে তেওঁৰ কোনো শেষ ইচ্ছা আছে নেকি? লিছাই উত্তৰত না বুলি কয়৷ ইয়াৰ পিছত শৰীৰত বিষাক্ত ইঞ্জেকচন দি লিছাৰ মৃত্যু কার্যকৰী কৰে মার্কিন প্রশাসনে। ইন্ডিয়ানাৰ টেৰে হউট জে’লৰ এক্সিকিউচন চেম্বাৰত এই মৃত্যুদণ্ড দিয়া হয় লিছাক৷
উল্লেখযোগ্য যে ১৬ বছৰ আগতে মিচৌৰীত আঠ মাহৰ অন্ত্বঃসত্তা মহিলা ববি জো স্টিনেন্তক অপহৰণ কৰি শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল লিছাই৷ ইয়াৰ পিছত স্টিনেন্তৰ পেট ফালি গর্ভস্থ শিশুক লৈ পলাই যায় তেওঁ৷
মাতৃৰ মৃত্যু হ’লেও অদ্ভুতভাবে শিশুটি বাচি গৈছিল৷ ইয়াৰ পিছত লিছাই নিজৰ পৰিয়ালৰ ওচৰত স্টিনেন্তৰ সন্তানক নিজৰ বুলি পৰিচয় দিয়াৰ চেষ্টা কৰে৷ কিন্তু শেষ পর্যন্ত আইনক ফাঁকি দিব নোৱাৰে৷ ২০০৭ চনত দোষী সাব্যস্ত হয় লিছা৷ ফেডাৰেল আদালতে মৃত্যুদণ্ডৰ নির্দেশ দিয়ে৷