নিউজ ডেস্কঃ
ভোগালী বিহুৰ আগে আগে আয়কৰ বিভাগে গুৱাহাটী, নলবাৰী আৰু ডিব্ৰুগড়ৰ মুঠ ২৯টা স্থানত অনুসন্ধান অভিযান চলাই জব্দ কৰিলে ৭.৫৪কোটি টকা। এই বৃহৎ পৰিমাণৰ ধন কেৱল চিকিৎসক আৰু কিছু স্বাস্থ্যকৰ্মীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ যোগ্য যে, এই ধন চিকিৎসাকৰ্মী সকলৰ সহযোগী ব্যৱসায়ৰ বিভিন্ন আৱাসিক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ পৰা জব্দ কৰা হৈছে । এই সকল চিকিৎসাকৰ্মী বিৰুদ্ধে মুখ্য অভিযোগ আছিল যে, তেওঁলোকে চিকিৎসালয় বা নাৰ্চিং হ’ম, ফাৰ্মাচিটিকেল ব্যৱসায়ৰ জৰিয়তে এই ধন সংগ্ৰহ কৰিছিল। কিন্তু এই বৃহৎ ধনৰাশিৰ উৎসৰ সন্ধান এতিয়াও জানিব পৰা হোৱা নাই ৷
ADVERTISEMENT