নিউজ ডেস্কঃ
প্রায় দুমাহৰ ওচৰা-ওচৰি হ’ল কৃষকৰ আন্দোলন। কিন্তু এতিয়াও নিজৰ দাবীত অটল দিল্লীৰ আন্দোলনৰত কৃষকসকল। যদিও কেন্দ্রৰ সৈতে একাধিকবাৰ আন্দোলনত বহিছে, তথাপিও এতিয়াও ওলোৱা নাই কোনো সমাধান সূত্র। তাৰ মাজতে আইন বাতিল নকৰিলেও ইতিমধ্যেই তিনিখন কৃষি আইন প্রণয়নত স্থগিতাদেশ দিছে ছুপ্রিম কোর্টে। এনে অৱস্থাত এইবাৰ বুধবাৰে সিঙ্ঘু সীমান্তত নতুন কৃষি আইনৰ কপি পুৰি লোৰি উৎসৱ পালন কৰিলে বিদ্রোহী কৃষকসকলে৷
কেন্দ্রৰ আৰোপিত কৃষি আইনৰ প্রতিবাদৰ প্রতীক হিচাবেই এই কাৰ্যসূচী লোৱা হৈছিল বুলি আন্দোলনৰত কৃষকসকলে জনাইছে।
আনহাতে, আজি লোৰি উৎসৱ উপলক্ষে নতুন কৃষি আইনৰ হাজাৰ হাজাৰ কপি ছপাই বিতৰণ কৰা হৈছিল পঞ্জাব আৰু হাৰিয়ানাৰ গাঁওবোৰত৷ তাতো আজি একেই কাৰ্যসূচী পালন কৰা হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অসমৰ মাঘ বিহুৰ দৰে পঞ্জাবৰ এটি বিখ্যাত শীতকালীন লোক-উৎসৱ এই লোৰি। সমগ্ৰ পঞ্জাবসহ উত্তৰ ভাৰতত মূলত শীতৰ সমাপ্তি আৰু বসন্তৰ আগমন উপলক্ষে এই উৎসৱ উদযাপন হয়।
প্রতিবছৰে মকৰ সংক্রান্তিৰ পূর্বে হিন্দুসকলে ঐতিহ্য মানি এই উৎসৱত জুই জ্বলাই তাৰ চাৰিওফালে গান, নাচ কৰে। লগতে থাকে বিভিন্ন প্ৰকাৰৰ স্থানীয় খাদ্য সম্ভাৰ।